Rupaliparda.com
শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ ২০২১ চনত "নষ্টালজিয়া.com"- 1

শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ ২০২১ চনত “নষ্টালজিয়া.com”-

শিক্ষাগত জীৱনটোত আমি তিঁতা-মিঠা আদি বিভিন্ন অনুভূতি আমি অনুভৱ কৰিছো; নহয়নে? পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি বন্ধু-বৰ্গৰ সৈতে কৰা ধেমালি বোৰলৈ সেই আটাইবোৰ স্মৃতি আমাৰ মনত সজীৱ হৈ আছে। আমি প্ৰত্যেকজন ব্যক্তিয়েই আচলতে আমাৰ সেই তাহানিৰ দিনবোৰ আকৌ এবাৰ অনুভৱ কৰিবলৈ বিচাৰো, জীয়াবলৈ বিচাৰো। সেইবাবেই আচলতে উক্ত বিষয়টোক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা একোটা প্ৰকল্পই আমাক বহুল হাৰত উৎসাহিত কৰাত সক্ষম হয়। বৰ্তমান ৱেব চিৰিজৰ সময়; আমি আগতেও কেইবাবাৰো কৈছিলো যে একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন ৱেব চিৰিজৰ একোটা খণ্ড খণ্ড কাহিনীয়ে সাধাৰণজনক অধিক আকৰ্ষণ কৰা পৰিলক্ষিত হয়। হলীউড অথবা হিন্দী মনোৰঞ্জন জগতৰ সমান্তৰালকৈ বৰ্তমান এই ৱেব চিৰিজৰ ট্ৰেণ্ডটো দেখিবলৈ পোৱা গৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনটো। নৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু প্ৰয়াসেৰে ইতিমধ্যে আমি কেইবাখনো ৱেব চিৰিজ উপভোগ কৰিছো। নৱপ্ৰজন্মৰ বিষয়বস্তু, কাহিনীৰ উপস্থাপন আদিয়ে সম্প্ৰতি সময়ছোৱাত জনসাধাৰণক সংযোগ কৰাৰ উপৰিও তেওঁলোকক অসমীয়া বিষয়সমূহ চোৱাৰ এক অভ্যাসৰো সৃষ্টি কৰিছে।

শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ ২০২১ চনত "নষ্টালজিয়া.com"- 2


ঠিক তেনেদৰে এইবাৰো এখন ৱেব চিৰিজৰ সৈতে কিছু পূৰণি স্মৃতি ৰোমন্থন কৰোৱাই, বন্ধুত্বৰ ভাল লগা কথা সমূহক সুঁৱৰি আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে “নষ্টালজিয়া.com”। ক্লাছৰুম, আড্ডা, উৎপাত আৰু এইবোৰকেই লৈ অহা বৰ্ষত অৰ্থাৎ ২০২১ চনৰ জানুৱাৰী মাহৰ প্ৰথমটো ভাগতেই মুক্তি লাভ কৰিব উক্ত ৱেব চিৰিজখন। The Filmy Jokers ৰ সৌজন্যত আৰু Jonaki Mon & Soulmates ৰ সহযোগিতাৰে আহিবলগীয়া এই ৱেব চিৰিজখনৰ পৰিচালনা কৰিছে ধ্ৰুৱ হাজৰিকাই। “লক-ডাউন” সময়ছোৱাৰো কিছু সৰু সৰু কাহিনী থাকিব “নষ্টালজিয়া.com” ত। জানিব পৰা মতে, প্ৰায়ে ১০-১২ মিনিট দৈৰ্ঘ্যতে এটা কাহিনী সংযোজন কৰিবলৈ বিচৰা এই ৱেব চিৰিজখনৰ চিত্ৰনাট্য ডানিশৰ লগতে দৃশ্যগ্ৰহণ কৰিছে ৰিয়ান দ্বীপেন নাথে। ধ্ৰুৱ হাজৰিকাৰ সৈতে সহযোগী পৰিচালনা সুমন পাটৰৰ। আনহাতে, ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে মনিদ্বীপ শৰ্মা আৰু দেৱাশীষ হাজৰিকা।

শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ ২০২১ চনত "নষ্টালজিয়া.com"- 3
শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ ২০২১ চনত "নষ্টালজিয়া.com"- 4


সংগীত পৰিচালনা জোনাকী মনৰ লগতে ইয়াত সম্পাদনা কৰিছে প্ৰিয়াংশু মালিকে। ৱেব চিৰিজখনৰ বিভিন্ন খণ্ডত অভিনয় কৰিছে ক্ৰমে জুবিন দাস, দানৱিৰ ভৌমিক, পৰিস্মিতা নাথ, নিহাৰ দাস, অভিজিৎ শৰ্মা, পৰিস্মিতা শৰ্মা, সুভম হাজৰিকা, চিৰঞ্জিতা শইকীয়া, গুণজিৎ বড়ো, বৰষা দত্ত, ৰজলিন ভাৰতী আৰু লক্ষী বৰাই। শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ নিৰ্মিত “নষ্টালজিয়া.com” ত এতিয়া উৎকন্ঠা সাধাৰণজনৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform