অভিনেতা সঞ্জয় দত্তৰ জীয়ৰী ত্ৰিশালা দত্তই নিজৰ পিতৃৰ ড্ৰাগছ আসক্তৰ কথাটোত খুলি মত ব্যক্ত কৰা দেখিবলৈ পোৱা গ’ল। চচিয়েল মিডিয়াত তেওঁক এগৰাকী ব্যক্তিয়ে প্ৰশ্ন কৰে যে তেওঁ এগৰাকী মনোবিজ্ঞানী ৰূপে নিজ পিতৃৰ ড্ৰাগছ আসক্তিৰ বিষয়টোত তেওঁ কি ক’ব? তেতিয়া ত্ৰিশিলাই কয় যে, ” প্ৰথমতে আপোনালোকে এইটো বুজিব লাগিব যে আসক্তি এনে এক বেমাৰ যাৰ ফলাফল সদায় ঋণাত্মক হয়। কিন্তু ইয়াক ৰখোৱাটো দিগদাৰ হৈ পৰে। ড্ৰাগছ মানুহে স্ব-ইচ্ছাৰে লোৱা আৰম্ভ কৰে কিন্তু পিছলৈ ই মন-মগজুত এনেদৰে ক্ৰিয়া কৰিবলৈ লয় যে ই শেষলৈ ড্ৰাগছে সেৱনকাৰী জনক নিজ আগ্ৰাসনত ল’বলৈ সক্ষম হৈ পৰে। যিসকল লোকে ড্ৰাগছ এৰি পেলাইছে তেওঁলোক আৰু পিছলৈ এই বস্তুটোৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। সেৱনকাৰী সকলে পিছলৈ ড্ৰাগছ ইচ্ছানুযায়ী গ্ৰহণ নকৰে; তেওঁলোক সাধাৰণ হ’বলৈহে গ্ৰহণ কৰে।


আৰু, মই মোৰ পিতৃৰ ওপৰত গৌৰৱ অনু্ভৱ কৰো যে তেওঁ নিজ অসুবিধাৰ কথা খুলি কয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা চিন্তা কৰিছে।” উল্লেখ্য যে, সঞ্জয় দত্তক প্ৰায়ে নিজ আসক্তি অথবা ড্ৰাগছৰ বিষয়ে জনসাধাৰণৰ ওচৰত ব্যক্ত কৰা দেখিবলৈ পোৱা যায়। আনকি, তেওঁৰ “বায়’পিক” খনতো অভিনেতাগৰাকীৰ ড্ৰাগছ আসক্তিৰ বিষয়বোৰ আৰু ইয়াৰ দ্বাৰা হোৱা অসুবিধা বোৰ জনসাধাৰণৰ মাজত দাঙি ধৰা হৈছিল।
Add comment