অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি “বচ্চন পাণ্ডে” ত সংযোজন হ’বলৈ গৈ আছে এটা নতুন নাম। নামটো শুনাৰ লগে লগেই হয়টো আপুনিও হয় পৰিব উৎসাহিত; উক্ত ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেতা পংকজ ত্ৰিপাঠীয়ে। “কালীন ভাই” হৈ প্ৰত্যেকৰে হৃদয়ত ৰাজত্ব কৰা পংকজ ত্ৰিপাঠীক এইবাৰ দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰৰ সৈতে। বিগত কেইবাটাও দশকৰ পৰাই অভিনয় ক্ষেত্ৰখনত নিজক চিনাকী কৰোৱাবলৈ চেষ্টা কৰা পংকজ ত্ৰিপাঠী বৰ্তমান সময়ৰ এনে এগৰাকী অভিনেতা যি গৰাকী নহ’লে এতিয়া প্ৰতিখন ছবি অথবা ৱেব চিৰিজেই আধৰুৱা হৈ পৰে। ছলমান খান, শ্বাহৰুখ খান, ঋত্বিক ৰোশনৰ লগতে অজয় দেৱগন আদিৰ দৰে কেইবাগৰাকীও অভিনেতাৰ সৈতে স্ক্ৰীণত ইতিমধ্যে একেলগে দেখিবলৈ পোৱা পংকজ ত্ৰিপাঠীক এইবাৰ পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰৰ সৈতে। ছবিখনৰ কাষ্টৰ টীমত অন্তৰ্ভূক্ত হোৱা পংকজ ত্ৰিপাঠীৰ নামটোক লৈ এতিয়া সুখী হৈ পৰিছে তেওঁৰ প্ৰত্যেকগৰাকী অনুৰাগী।


“বচ্চন পাণ্ডে” ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে জনসাধাৰণৰ সমুখত। কিছুদিন পূৰ্বে অহা খবৰ অনুসৰি লগতে ছবি সমালোচক তৰণ আদৰ্শে জনাইছিল যে, অহা বৰ্ষৰ জানুৱাৰী মাহত “বচ্চন পাণ্ডে” ছবিখনৰ চিড্যুল আৰম্ভ হ’ব আৰু এই শ্বুটিং মাৰ্চ মাহলৈ অব্যাহত থাকিব। আনহাতে আন এক উল্লেখনীয় কথা এয়াও যে, এই ছবিখনত অক্ষয় কুমাৰৰ সৈতে আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অৰশদ বাৰসীয়ে। ইয়াৰ উপৰিও, চিনেমা খনত নায়িকা চৰিত্ৰ ৰূপায়ন কৰিব কৃতি সেননে। ছবিখনৰ নিৰ্দেশনা ফৰহাদ সামজীৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে সাজিদ নাডিৱালাই।
Add comment