নতুন প্ৰজন্মই বিভিন্ন ধৰণে বিভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন কাৰ্যৰে নতুনৰ আৰম্ভণি কৰি জনসাধাৰণক আকৰ্ষিতও কৰিছে এওঁলোকে। গীত-মাত, নৃত্যৰ ক্ষেত্ৰত ব্যতিক্ৰমী দিশেৰে আগবঢ়া লগতেই একাংশ নৱপ্ৰজন্ম আগবাঢ়িছে মুকাভিনয় ক্ষেত্ৰ খনৰ যোগেৰে। জনপ্ৰিয় মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ ও ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত শেহতীয়াকৈ উলিওৱা হ’ল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। চলিত মাহৰ ২৬ তাৰিখে প্ৰেছ ক্লাৱত আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় পত্ৰিকা “নিৰ্বাক” ৰ শুভ উন্মোচন কৰা হয়। উক্ত উন্মোচন অনুষ্ঠানত উপস্থিত থাকে মুকাভিনয় শিল্পী মইনুল হক, জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া পমী বৰুৱা আৰু বিশিষ্ট অভিনেতা হিমাংশু প্ৰসাদ দাস। “নিৰ্বাক” ক উদ্দেশ্যি যেতিয়া শিল্পী মিনাংক ডেকাৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মনেৰে ভাবি থকা কাম এটা কৰি উলিয়াব পাৰিলে নিশ্চয় সকলোৰে ভাল লাগে , তেনেকৈ মোৰো ভাল লাগিছে। “নির্বাক” অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল। কিয় এইখন কৰি উলিয়ালো তাৰ দুটামান বিশেষ কাৰণ আছে।”

জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে। ক’ৰোণা কালছোৱাত মাইমেৰে জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাত আগ-ভাগ লৈছিল মিনাংক ডেকাই। শিল্পীগৰাকীয়ে ইউটিউব যোগেও মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”।

বৰ্তমান ভিডিঅ’টোৱে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। প্ৰায় ২৫ হাজাৰতকৈও অধিক ভিউৱাৰচ লাভ কৰিছে উক্ত ভিডিঅ’টোৱে। ইয়াৰ উপৰিও মিনাংক ডেকাই সমাজ সংস্কাৰৰ বাবে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে দৰ্শকৰ ওচৰত তেওঁৰ নামটোৱে এতিয়া সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে।
Add comment