Rupaliparda.com
২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি? 1

২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি?

চলিত বৰ্ষটোত বিভিন্নজনে বহু পালে কিম্বা একাংশই নিজস্ব আপোন জনক হেৰুৱালে অথবা নিজৰ সপোনৰ আকাশখন চুবলৈ গৈ আধাতে হাৰ মানিলে। এক কথাত ক’বলৈ গ’লে, প্ৰাপ্তি-অপ্ৰাপ্তিৰে পৰিপূৰ্ণ এই বৰ্ষটোৱে য’ত এফালে স্তব্ধতা সানিলে; আনফালে ই নতুনৰ আৱিষ্কাৰ কৰিলে। অসমীয়া ছবি ক্ষেত্ৰখনৰ চলিত বৰ্ষটোৰ যদি এক পৰ্যালোচনা আপোনালোকৰ ওচৰত দাঙি ধৰা হয় তেতিয়াহ’লে আপোনালোকে দেখিবলৈ পাব বহু উঠা-নমা এটা দীঘলীয়া ৰাষ্টা; ২০২০ চনটোত নৱপ্ৰজন্মৰ নতুনত্বই ন-পোখা মেলাৰ পৰিৱৰ্তে বহু প্ৰতিষ্ঠিত পৰিচালক-অভিনেতাৰ ছবিৰ আধৰুৱা হৈ পৰিছে। বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”, “ৰত্নাকৰ” য়ে অসমীয়া ছবিজগত খনক উৰ্দ্ধগামী দিশটোলৈ ঠেলি দিবলৈ সক্ষম হৈছিল যদিও ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ তথা “লক-ডাউন” ৰ দীঘলীয়া সময়সীমাই এক গভীৰ ঋণাত্মক চাপ পেলাইছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। “ৰঘুপতি”, “বন্ধু” আদিকে ধৰি “গৰু”, “মিডনাইট ছং” ইত্যাদি বহুকেইখন সুন্দৰ অথবা গ্ৰহণযোগ্য ছবি চলিত বৰ্ষটোতে মুক্তি দিয়াৰ চিন্তা কৰা হৈছিল যদিও সম্প্ৰতি সময়ছোৱাৰ বিভিন্ন পৰিস্থিতিৰ বাবে ছবিসমূহ পোষ্ট-প্ৰডাকচন তথা শ্বুটিং সময়ছোৱাতে সীমাবদ্ধ হৈ ৰৈ যাবলগীয়া হৈছিল।

২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি? 2
২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি? 3


তৎস্বত্বেও বেয়া বাটবোৰ কাটি কৰি ভাল খবৰেও নিজৰ সন্ধান উলিয়াইছিল। প্ৰায় ৬-৭ বছৰৰ অন্তত চলিত বৰ্ষটোতে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ হিয়াৰ আমঠু তথা আৱেগ সদৃশ প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে আকৌ এবাৰ জনসাধাৰণৰ সমুখলৈ আহিছে। “NK Big Star” নামে এটি এপৰ মুকলি কৰি তেওঁলোকে তাত দুখনকৈ ছবিৰ মুক্তি দিছে; সেইদুখন হৈছে ক্ৰমে “জানমণি ২০২০” আৰু আনখন হৈছে “জানমণি ৱেব ফিল্ম”। এপযোগে মুক্তি লাভ কৰাৰ ফলত জনসাধাৰণৰ উপভোগৰ হাৰ পূৰ্বতকৈ কিছু কম হৈছিল যদিও বিগত কেইবাবছৰৰ অন্তত পুনৰ এবাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনলৈ আহি নিজ খুঁপনি পোতাত সক্ষম হৈছিল এওঁলোক। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য , সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ চৰিত্ৰ সমূহ ৰূপায়ন কৰিছিল ক্ৰমে দিগাংগনা শইকীয়া, দীপাংকৰ মহন্ত, দীপজ্যোতি মহন্ত, অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া,ভৱানী ভূঞা, উদয় শংকৰ, সূৰ্য শইকীয়া, বৈশালী নৱ মেধি, ৰাজমণি ভূঞা, অপৰ্ণা তামুলী, বাসৱ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। প্ৰেম, বিষাদ, সংঘাতৰ কাহিনীৰে “জানমণি ২০২০” ত বহু ন-পূৰণি শিল্পীৰ সমাহাৰ দেখিবলৈ পাইছিল দৰ্শকে।


আনহাতে, ডিজিটেল প্লেটফৰ্মত মুক্তি লাভ কৰা আন এখন অসমীয়া ছবি আছিল “জোনাকী পৰুৱা (Fireflies)। সমকামিতাৰ বিষয়বস্তুৰে নিৰ্মিত এই ছবিখন আছিল অসমীয়া ছবিৰ ভিতৰত প্ৰথম সমকামিতাৰ ছবি; moviesaints.com ত উপলদ্ধ এই ছবিখনে ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ পিছতেই লাভ কৰিছিল দৰ্শকৰ সমাদৰ। একঘেয়ামী বিষয়বস্তুৰ পৰা ফালৰি কাটি অহা এই ছবিখনৰ বিষয়বস্তুৰ লগতে ইয়াৰ কাহিনীভাগৰ উপস্থাপন শৈলীৰ বাবে ছবিখনে বৰ্তমানেও দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈ আহিছে। স্বাধীন পৰিচালক প্ৰকাশ ডেকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনীত প্ৰতিটো চৰিত্ৰৰ বৈশিষ্ট্যই আছিল সুকীয়া। বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছিল এই ছবিখনত।

২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি? 4


২০২০ চনটোৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে আন এক খবৰ এয়া আছিল যে, ৰাজ্য চৰকাৰে চলচিত্ৰ উদ্যোগক কিছু সকাহ প্ৰদানৰ অৰ্থে সাহায্য প্ৰদান কৰিছিল। ইয়াৰ ফলস্বৰূপে যোৱা ১৬ চেপ্তেম্বৰ তাৰিখেই ভিন্ন চিনেমাগৃহৰ কৰ্তৃপক্ষৰ হাতত চেক প্ৰদান কৰা হৈছিল। ৰাজ্য চৰকাৰৰ এই আঁচনিত গুৱাহাটীৰ কেলভিন চিনেমাৰ দৰে “বি-গ্ৰেড” ছবি প্ৰদৰ্শনৰ বাবেও কথাছবিগৃহৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল। ইয়াৰ বাবে ৰাজ্য চৰকাৰে দিবলগীয়া ৭৫ লাখ টকাৰ ৩০ লাখ টকা ইতিমধ্যে ১৬ চেপ্তেম্বৰত প্ৰদান কৰিছিল। কিন্তু তথাপিও, এই আঁচনিত সাঙুৰ নাখালে একাংশ ঐতিহ্যমণ্ডিত ছবিগৃহৰ নাম। বিগত দিনৰ পৰা আবেদন-নিবেদন জনাইও এই আঁচনিত স্থান নাপালে চহৰৰ একাংশ ছবিগৃহই। নগাঁৱৰ অদ্বিতি, কৃষ্ণা চিনেমা হ’লকে আৰম্ভ কৰি জয়শ্ৰী চিনেমা হ’ল আৰু যোৰহাটৰ কেইবাটাও ছবিগৃহক যেন চকু মেলি নাচালে ৰাজ্য চৰকাৰে। বিগত ৬-৭ মাহৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ অধিকাংশই বৰ্তমান একোটা গুদামত পৰিণত হৈছে। তেনেস্থলত একাংশ ছবিগৃহই চৰকাৰী আঁচনিৰ তালিকাত স্থান নোপোৱা কথাটোৱে এতিয়া হতাশ কৰিছে স্থানীয় বাসিন্দাক। আৰু, ৰাজ্য চৰকাৰৰ এই আঁচনিত উক্ত ছবিগৃহসমূহৰ নাম কি কাৰণত অন্তৰ্ভূক্ত কৰা নহ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

২০২০ চনৰ অসমীয়া ছবি জগতৰ এক পৰ্যালোচনাঃ কোনখন ছবিয়ে লাভ কৰিলে কেতিয়া মুক্তি? 5


চলিত বৰ্ষত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ পৰা কিছু সময়ৰ বাবে আঁতৰি আহি যদি আমি এইটো বৰ্ষৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ এক ভাল লগা বিষয়লৈ মন কৰো তেতিয়াহ’লে দেখিবলৈ পোৱা যাব যে, এইটো বৰ্ষত পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ আগত বাজী মাৰিবলৈ সক্ষম হৈছে চুটি ছবিসমূহে। “লক-ডাউন” ৰ স্তব্ধতাৰ সময়তো আনকি একাংশ পৰিচালকে নিজ প্ৰতিভাৰে বাসগৃহৰ ভিতৰত বন্দী হৈ থাকিয়ে নিৰ্মাণ কৰি উলিয়াইছিল একোখন সুন্দৰ চুটি ছবি। আনকি, কন্ঠশিল্পী তৰালী শৰ্মাইও মন মেলিছিল নিজ পৰিচালনা দিশটো মজবুত কৰিবলৈ; যাৰ এক স্পষ্ট উদাহৰণ হৈছে “নিচুঁকনি”। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মনোনয়ন লাভ কৰিছিল এই চুটি ছবিসমূহে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform