শুভ নৱবৰ্ষ; পুনৰ এটি নতুন বৰ্ষ। আকৌ কিছু নতুন আশা আৰু আকৌ কিছু নতুন সপোন। মুঠতে, প্ৰত্যেকেই বৰ্তমান আজুৰিবলৈ চেষ্টা কৰিছে নতুনক; পূৰণি বোৰ পাহৰণিৰ গৰ্ভত পেলাই নতুন উদ্দেশ্যৰে আগবাঢ়ি যোৱাৰ ইচ্ছা কৰিছে এতিয়া সাধাৰণজনৰ লগতে চিলেব্ৰেটী সকলেও।

চচিয়েল মিডিয়াত যোৱা কালিৰ দিনটোত একাংশ চিলেব্ৰেটীয়ে নিজ নিজ অনুৰাগীলৈ যাঁচিলে শুভকামনা; নিজৰ লগতে অইনকো আমোদ প্ৰদানৰ ইচ্ছাৰে একো একোখন ফটোৰে এওঁলোকে যাঁচিলে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা। ১ তাৰিখৰ দিনটোত য’ত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই পিতৃৰ জন্মদিন উদযাপনৰ সৈতে নৱৰবৰ্ষৰ শুভেচ্ছা জনালে; তাতেই আকৌ কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে বাগা বিচ্ছৰ পৰা দিলে শুভেচ্ছা। আনহাতে, কন্ঠশিল্পী বৰ্ণালী কলিতাইও নতুন বৰ্ষত কিবা এটা নতুন কাম কৰাৰ প্ৰতিশ্ৰুতিৰে অনুৰাগীক জনালে শুভকামনা। ইয়াৰ উপৰিও, আন একাংশ অভিনেতা-অভিনেত্ৰীৰ পোষ্ট সমূহ চাওঁ চোন আহকঃ
Add comment