Rupaliparda.com
সপোন আৰু সংগ্ৰামৰ কাহিনীৰে নৱপ্ৰজন্মৰ "এনাজৰী"- 1

সপোন আৰু সংগ্ৰামৰ কাহিনীৰে নৱপ্ৰজন্মৰ “এনাজৰী”-

আমাৰ প্ৰত্যেকৰে জীৱনত সংঘৰ্ষ আছে, হতাশা আছে অথবা কষ্ট আমি কৰিবলগীয়া হয়। আচলতে,এটা সপোনক পূৰ্ণাংগ ৰূপ দিবলৈ হ’লে সংঘৰ্ষ অনিবাৰ্য্য; কোনো বাটেই সহজ নহয়। অৱশ্যে সপোনৰ বাটটো যদি ওখোৰা-মোখোৰো নহয়; তেতিয়াহ’লে ই লাভ হোৱাৰ পিছতো সুখৰ প্ৰাপ্তি নহয়। ২০২০ বৰ্ষটোৰ শেষৰ দিনটোতেই মুক্তি লাভ কৰিছিল এখন চুটি “এনাজৰী”। দুগৰাকী অচিন ব্যক্তিৰ কিছু গুৰুত্বপূৰ্ণ কথোপকথন; সপোনৰ বাটচোৱাত সফল হোৱাৰ বাবে সুন্দৰ মন্ত্ৰৰে আগবঢ়াৰ এই চুটি ছবিখনে জীৱনবোৰক কেন্দ্ৰ কৰি দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা। আমি প্ৰত্যেকেই কিবা এটা লাভৰ খাতিৰত উপভোগ কৰো একোখন ছবি অথবা চুটি ছবি, মনোৰঞ্জনৰ সমান্তৰালকৈ আমাৰ উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে কিবা এটা শিকাত। এই চুটি ছবিখনৰ বিভিন্ন সংলাপ তথা উপস্থাপিত কাহিনীয়ে সংযোগ কৰিবলৈ সক্ষম হ’ল প্ৰতিজন নৱপ্ৰজন্মক; যিয়ে সফলতাৰ বাট চোৱাত সংগ্ৰাম দেখি মূখ ঘূৰাই লোৱাৰ ইচ্ছা কৰিছিল।


আচলতে, চুটি ছবিখনে বুজাই দিয়াত সক্ষম হৈছিল কেতিয়াবা নিজৰ ভাল লগা এটা কামে সমাজৰ অইন লোকক প্ৰথমাৱস্থাত সুখ প্ৰদান নকৰিবও পাৰে; কিন্তু পিছলৈ এটা সময়ত নিজ সপোনত অন্তৰ্নিহিত উদ্দেশ্যেবোৰে জনসাধাৰণকো আকৰ্ষণ কৰাত সক্ষম হয়। “এনাজৰী” ৰ পৰিচালনা চ্চেইষ্ট শ্ৰিয়া বৰ্মনৰ লগতে ইয়াত কাহিনী ভাস্কৰ দাস আৰু মাহিন্দ্ৰী দাসৰ। আনহাতে, চিত্ৰনাট্যৰ দায়িত্বতো আছে মাহিন্দ্ৰী দাস।ইয়াত অভিনয় কৰিছে অয়নজিৎ দেৱ শৰ্মা আৰু পৰিস্মিতা শৰ্মাই; চুটি ছবিখনৰ দৃশ্যগ্ৰহণ অংকুৰ ৰয়ৰ আৰু সম্পাদনা জিতু দাসৰ। কলা নিৰ্দেশনা শ্ৰিয়া আৰু সিদ্ধাৰ্থ শৰ্মাৰ। জিতু দাসৰ শব্দ ব্যৱস্থাপনাৰে ইয়াত সংগীতৰ দায়িত্বত আছে ভাস্কৰ দাস, দ্বিজেশ শইকীয়া তথা নীলাকাশ দাস। দ্বিজেশ শইকীয়াৰ শব্দ মিশ্ৰণেৰৰ চুটি ছবিখনৰ ৰূপসজ্জাৰ দায়িত্বত আছে অৰ্চনা কলিতা। চুটি ছবিখনত থকা গীতটিৰ কথা অশ্লেষা শ্ৰাৱৰ্ণীৰ।

সপোন আৰু সংগ্ৰামৰ কাহিনীৰে নৱপ্ৰজন্মৰ "এনাজৰী"- 2


গীতটিত কন্ঠদান কৰিছে পৰিস্মিতা শৰ্মাৰ লগতে প্ৰডাকচন মেনেজাৰ হিচাপে আছে নীলোৎপল তামুলী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা নৱপ্ৰজন্মৰ এই প্ৰচেষ্টাক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform