Rupaliparda.com
"চুটি ছবি কৰি মনৰ ভোক মাৰি থাকো মাজে মাজে"- হেমন্ত গগৈ 1

“চুটি ছবি কৰি মনৰ ভোক মাৰি থাকো মাজে মাজে”- হেমন্ত গগৈ

২০২০ বৰ্ষটোত অসমীয়া অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত চুটি ছবিৰ এক ধনাত্মক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পাইছিলো। “লক-ডাউন” ৰ আৰম্ভণিৰে পৰা আৰম্ভ কৰি আমি যদি সম্প্ৰতি সময়ছোৱালৈ এক পৰ্যালোচনা চাবলৈ বিচাৰো তেনেহ’লে আমি একাংশ সাৱলীল অভিনেয়েৰ সুন্দৰ কাহিনীৰ উপস্থাপন দেখিবলৈ পাম। বছৰটোৰ শেষত এখন সুন্দৰ চুটি ছবিয়ে জনসাধাৰণক মুগ্ধ কৰা দেখিবলৈ পোৱা গ’ল; “ৰুদ্ধদ্বাৰ” শীৰ্ষক এখন সুন্দৰ চুটি ছবিয়ে পুনৰ বাৰ আপ্লুত কৰিলে চলচিত্ৰ প্ৰেমী দৰ্শকক। শেহতীয়াকৈ, ৰূপালীপৰ্দাৰ তৰফৰ পৰা চুটি ছবিখনৰ পৰিচালক হেমন্ত গগৈৰ সৈতে পাতিছিলো কিছু কথা। পৰিচালনা দিশটোৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “কলেজত পঢ়ি থাকোতে প্ৰথমবাৰ অভিনয়েৰে নাটকৰ লগত জড়িত হৈছিলো। তাৰ পিছত লিখা আৰু পৰিচালনা কৰিবলৈ সাহস কৰিলো; মোৰ ঘৰ গোলাঘাটত গতিকে তাৰেই এটি অগ্ৰণী অনুষ্ঠান এমেচাৰ থিয়েটাৰ চচাইটিৰ সৈতে পিছলৈ মই জড়িত হৈ পৰিলো। তাৰ পৰাই আচলতে এই ক্ষেত্ৰখনত মোৰ বিকাশৰ যাত্ৰা আৰম্ভ হৈছিল আৰু বৰ্তমানেও চলি আছে। কিন্তু, যোৱা এঘাৰ বছৰ মানৰ আগত মই চিনেমাৰ ক্ষেত্ৰখনলৈ আহিলো; পৰিচালনাৰ এটা পাঠ ল’লো তেতিয়াৰ AMFTI অৰ্থাৎ (AMULYA MANNA FILM AND TELEVISION INSTITUTE,GUWAHATI) নামৰ এখন অনুষ্ঠানত। অনুষ্ঠানখনৰ গুৰি ধৰোতা আছিল অৰূপ মান্না ;সেই হিচাপত চলচিত্ৰ কৰ্মী অৰুপ মান্না মোৰ একাডেমীক গুৰু। তেখেতৰ লগত কামো কৰিছো বহুকেইখন ছবিত; কিন্তু প্ৰথম কাম কৰিছো মুনিন বৰুৱাদেৱৰ লগত; তেখেত মোৰ প্ৰথম গুৰু। ৰূপালীপৰ্দাৰ জৰিয়তে এই ছেগতে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।


হেমন্ত গগৈয়ে আগলৈ কয় যে, “সেইদৰেই, মই সহকাৰী পৰিচালক ৰূপে কাম কৰি আহিছো আৰু চিত্ৰনাট্য লিখা কামটোও একে সময়ৰ পৰাই সমসাময়িকভাৱে চলাই আহি আছো। ডাঙৰ ছবি এতিয়ালৈকে কৰিব পৰা নাই বিভিন্ন কাৰণত; চুটি ছবি কৰি মনৰ ভোক মাৰি থাকো মাজে মাজে। পৰিকল্পনা আছে বহুত নেদেখাজনে কৃপা কৰিলে আহিবলগীয়া সময়ত হ’বগৈ কিবা এটা।” “লকডাউন” অথবা “ক’ভিড ১৯” য়ে জনসাধাৰণৰ কোনো এটা বিষয়ৰ উপভোগৰ সোঁৱাদ সলনি কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “লক ডাউন” ৰ প্ৰভাৱ আৰু জুতিৰ সলনি এইটো এটা চকুৰ আগত দেখা সাৰ্বজনীন ঘটনা। বিভিন্ন ধৰণে বিভিন্ন কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিবলগীয়া আৰু সচাঁকৈ ই গভীৰ। সেয়া মানসিকভাৱে হ’ব পাৰে অথবা আৰ্থিক ভাৱে, সামাজিক ভাৱে আৰু নহ’লে সাংস্কৃতিকভাৱে। ভুক্ত ভুগীয়েহে ভালকৈ অনুমান কৰিব পাৰিছে ইয়াৰ তিতা-মিঠা। কাৰণ, ভালো হৈছে আৰু ইয়াৰ সমান্তৰালকৈ বেয়াও। আমাৰ কলা জগতত বিশেষকৈ চিনেমা বা কেমেৰা মাধ্যমৰ জগতখনত সাংঘাটিক পৰিবৰ্তন হৈছে। লক-ডাউনৰ সময় ছোৱাত আমি সকলোৱে চাগৈ বেছি সময় মোবাইলৰ লগত কটাইছো; যি পাইছো তাকে চাইছো। ৱেব চিৰিজবোৰ এটা আকৰ্ষণীয় বিনোদনৰ বিষয় বস্তু হৈ পৰিছে। চুটি ছবি নিৰ্মাণ কৰিছে বহুতে। মোবাইলটো আৰু ইন্টাৰনেট এতিয়া প্ৰভাৱী বস্তু আৰু বহুতে ইয়াক মাধ্যম হিচাপে লৈ কামো কৰিছে। সকলো মাধ্যমৰে সোঁৱাদ সুকীয়া; টিভিৰ ধাৰাৱাহিক এখনৰ সোঁৱাদ, চিনেমা এখনৰ সোঁৱাদ আৰু OTT প্লেটফৰ্মবোৰৰ সোঁৱাদবোৰ ইটো সিটোৰ লগত নিমিলে। সোঁৱাদৰ সলনি হৈছে নে নাজানো কিন্তু বিনোদনৰ মাধ্যমবোৰৰ সলনি হৈছে।”

"চুটি ছবি কৰি মনৰ ভোক মাৰি থাকো মাজে মাজে"- হেমন্ত গগৈ 2


চুটি ছবি “ৰুদ্ধদ্বাৰ” য়ে লাভ কৰা জনপ্ৰিয়তাক লৈ নৱপ্ৰজন্মৰ পৰিচালক গৰাকীয়ে কয় যে, “এই চুটি ছবিখনৰ বিষয়বস্তু অলপ গভীৰ; যিসকলে চাইছে সেইসকলে বিষয়বস্তুৰ কথা কৈছে প্ৰথম। সমাজত চলি থকা লুকুৱাই ৰখা ঘটনাবিলাকৰ মাজৰ অন্যতম ইয়াত অন্তৰ্ভূক্ত বিষয়টো। সমাজলৈ ভয়; সমাজ কোনে গঢ়ে? মানুহে! ভয়ে কেতিয়াবা দোষ কৰায় আৰু কেতিয়াবা ই বচায়। আমাৰ মাজৰ প্ৰাকৃতিক ঘটনাবোৰ তেনেই সৰল। মাত্ৰ আমি মানুহবোৰে টান কৰি লওঁ। ছবিখনত সীমা বৰুৱা আৰু হীৰকে কৰা কামক ভাল পাইছে; মিউজিক, শব্দ আৰু সম্পাদনাৰ দায়িত্বত থকা কেইজনৰ অৱদান ছবিখনৰ পৰিচালনাত একেষাৰে ক’বলৈ গলে বহুত সহায় কৰিছে। সেইকাৰণে যি সকলে চাইছে ভাল পাইছে; এনেকুৱা হ’ লে নিশ্চয় লিখক আৰু পৰিচালক সুখী হয়েই।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform