২০২০ বৰ্ষটো মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে কেনে আছিল এয়া আচলতে সকলোৱে জানে! বলীউডেই হওঁক অথবা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেই হওঁক; স্তব্ধতাৰে ভৰি পৰিছিল কেওঁদিশ। কিন্তু ২০২১ ৰ আৰম্ভণিৰ সমান্তৰালকৈ বলীউডৰ একাংশ চিলেব্ৰেটীয়ে আৰম্ভ কৰি পেলাইছে নিজ নিজ কাম; ১ জানুৱাৰী তাৰিখেই অৰ্থাৎ আজিয়েই ডেৰাডুনলৈ উৰা মাৰিব অভিনেত্ৰী ভূমি পেডনেকাৰ আৰু অভিনেতা ৰাজকুমাৰ ৰাওঁ। তেওঁলোকৰ আহিবলগীয়া ছবি “বধাই দো” ৰ বাবে দুয়ো ইতিমধ্যে হৈছে সাজু; বৰ্ষটোৰ আৰম্ভণি কালতেই কৰ্মত হাত দি উৎসাহিত হৈ পৰিছে অভিনেত্ৰী ভূমি পেডনেকৰো। আচলতে, “বধাই দো” শীৰ্ষক এই ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওঁয়েও কচৰৎ কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁৰ দৈহিক ট্ৰান্সফ’ৰমেছন দেখি হতবাকো হৈছিল তেওঁৰ অনুৰাগী। উল্লেখ্য যে, উক্ত ছবিখন ২০১৮ চনত মুক্তিপ্ৰাপ্ত “বধাই হো” ৰ চিকুৱেল ছবি; য’ত ৰাজকুমাৰ ৰাওঁৰ সৈতে অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিব ভূমি পেডনেকৰে।


“বধাই হো” ৰ বহুল জনপ্ৰিয়তাৰ পিছত “বধাই দো’ তো ভৰপূৰ মনোৰঞ্জন লাভ কৰিব দৰ্শকে। শেহতীয়াকৈ ডিজিটেল প্লেটফৰ্মত মুক্তি লাভ কৰা দুখনকৈ ছবি ক্ৰমে “লুডু”, “ছলাংগ” ত ৰাজকুমাৰে ৰূপায়ন কৰা দুটা ভিন্ন চৰিত্ৰই তেওঁৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল। অভিনেতাৰ ক্ষেত্ৰত থকা একঘেয়ামী সংজ্ঞা সলনি কৰাত আয়ূসমান খুৰানাৰ দৰেই ৰাজকুমাৰ ৰাওঁৰ অংশগ্ৰহণো মনকৰিবলগীয়া।
Add comment