শৈশৱৰ পৰা পিতৃৰ হাত ধৰি সংগীত ক্ষেত্ৰখনত নামি পৰা বৰ্তমানৰ এগৰাকী কন্ঠশিল্পী হৈছে দিবচন বৰুৱা। অনাঁতাৰ শিল্পী প্ৰসন্ন লাল বৰুৱাৰ পুত্ৰ দিবচনে সৰুৰ পৰাই সংগীতৰ পৰিৱেশ লাভ কৰিছিল নিজ পৰিয়ালত। পিছলৈ ভাতখাণ্ডেৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰা দিবচন লাল বৰুৱাৰ সৈতে ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি পাতিম কিছু কথা। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এটি আধুনিক গীত “দূৰ বহুদূৰ” য়েও লাভ কৰিছিল বহুল চৰ্চা। পৰিপক্ক হৈ এই ক্ষেত্ৰখনত নামি পৰা এইগৰাকী কন্ঠশিল্পী দিবচনৰ উক্ত প্ৰথমটো গীতৰ পিছত তেওঁৰ অনুৰাগীৰ শাৰীও হৈ পৰিছে দীঘলীয়া। আহিবলগীয়া সময়ত আন বহুকেইটা প্ৰকল্পৰ সৈতে তেওঁক দেখিবলৈ পাব আপোনালোকে। আজি আমাৰ সৈতে থকা দিবচন বৰুৱাৰ পৰা জানিম কিছু কথা। চাওঁ চোন আহকঃ

প্ৰশ্নঃ এটা গীত সফলতা/বিফলতাৰ মানে আপোনাৰ মতে কি?
দিবচন বৰুৱাঃ প্ৰতিটো গীত প্ৰত্যেকজন দৰ্শকে ভাল নাপাবও পাৰে; স্থান, পৰিৱেশ আৰু জীৱন শৈলীৰ সৈতেও শ্ৰোতা-দৰ্শকৰ প্ৰিয়-অপ্ৰিয় হোৱাটো নিৰ্ভৰ কৰে। সফলতা/বিফলতাৰ কথাটো আচলতে সহজকৈ ক’ব পৰা নাযায়; মই ভাবো, গীত এটা সৃষ্টি কৰি দৰ্শকৰ মাজত বিভিন্ন মাধ্যমেৰে আগ বঢ়াই দিয়াৰ পিছত কিমান সংখ্যক দৰ্শকে উপভোগ কৰিলে সেয়া গীতটিৰ সফলতাৰ মাপকাঠি হ’ব নোৱাৰে; গীত এটাক শ্ৰোতায়ে শুনাৰ সমান্তৰালকৈ বুজি হৃদয়ংগম কৰিব পৰাটোহে সফলতাৰ মন্ত্ৰ হোৱা উচিত।

প্ৰশ্নঃ সম্প্ৰতি EDM সংগীতৰ জনপ্ৰিয়তাক লৈ আপুনি কি ক’ব?
দিবচন বৰুৱাঃ সময় যিমানেই আগবাঢ়ি গৈ আছে; আধুনিক সংগীত ব্যৱস্থা বা অত্যাধুনিক পদ্ধতি ব্যৱহাৰেৰে সংগীত সৃষ্টি হৈ আছে। কোনো এটা গীত ভাল লগা অথবা বেয়া লগাটো কি পদ্ধতি অথবা কিমান আধুনিক ব্যৱস্থাপনাৰে পৰিৱেশন কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ নকৰে; গীতটিৰ কথা-সুৰৰ লগত সামঞ্জস্য থাকিলে যিকোনো ধৰণে গান এটা উপস্থাপন কৰিব পৰা যায় আৰু সেয়া শ্ৰোতা-দৰ্শকৰ হৃদয়কো সংযোগ কৰিব পাৰিব।

প্ৰশ্নঃ ভৱিষ্যতে অসমীয়া সংগীত ক্ষেত্ৰৰ কোন গৰাকী সংগীতশিল্পীৰ সৈতে কাম কৰাৰ ইচ্ছা?
দিবচন বৰুৱাঃ অসমীয়া সংগীত ক্ষেত্ৰখনত অতীতৰে পৰা ইমানেই চহকী কেইগৰাকীমান শিল্পীৰে উজ্বলি আছে আৰু ইয়াৰ লগতে, নৱপ্ৰজন্মৰ প্ৰতিভাগত ইমানেই শিল্পী নতুনকৈ এই ক্ষেত্ৰখনলৈ আহিছে যে তাৰ মাজৰ পৰা বিশেষ এগৰাকীৰ নাম ল’বলৈ নোৱাৰো; মোৰ এই সংগীতৰ যাত্ৰটোত তেওঁলোক আটাইৰে সৈতে যদি কাম কৰাৰ সুবিধা লাভ কৰো তেতিয়া এয়া মোৰ বাবেই ই সোভাগ্যৰ কথা হ’ব।

প্ৰশ্নঃ “দূৰ বহুদূৰ” বহুল জনপ্ৰিয়তাৰ পিছত আপোনাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
দিবচন বৰুৱাঃ শ্ৰোতা-দৰ্শকে মোৰ প্ৰথমটো গীত “দূৰ-বহুদূৰ” ক ইমান মৰমেৰে আকোঁৱালি ল’লে যে এই মৰমটোৱে মোৰ ওপৰত তেওঁলোকৰ বিশ্বাসৰ বৃদ্ধি কৰোৱালে গতিকে এনেক্ষেত্ৰত মোৰ দায়িত্বও বাঢ়ি যোৱা যেন অনুভৱ হৈছে। সংগীত জগত খনত আগুৱাই যোৱাত সাহসো অনুভৱ হৈছে; ফলত ভাবিছো যে মোৰ দেউতা অনাতাঁৰ শিল্পী প্ৰয়াত প্ৰসন্ন লাল বৰুৱাৰ কিছুমান গীত নতুন ৰূপেৰে দৰ্শকৰ মাজলৈ আগবঢ়াই দিম। লগতে, এটি লোকসংগীতৰ কামো হাতত লোৱা হৈছে যাৰ বাবে শ্ৰোতা-দৰ্শকৰ আশীৰ্বাদৰ প্ৰয়োজন মোক হ”ব।

ৰূপালীপৰ্দাঃ ধন্যবাদ দিবচন লাল বৰুৱা; আপোনাৰ আহিবলগীয়া প্ৰত্যেকটো প্ৰকল্প সফল হওঁক তাৰেই কামনা কৰিছো।
দিবচন বৰুৱাঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment