২০২১ ৰ আৰম্ভণিৰ প্ৰথমটো দিনতেই আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তি লাভ কৰিলে এটা নতুন গীত। বৰ্ষটোৰ আৰম্ভণিতেই অনুৰাগীক উপহাৰ দিলে কন্ঠশিল্পী গৰাকীয়ে এটি নতুন গীতৰ; মুঠতে বছৰটোৰ প্ৰথমটো দিনক আদৰিবলৈ লগতে জনসাধাৰণ আমোদ প্ৰদানৰ স্বাৰ্থত মুক্তি লাভ কৰষ আচুৰ্য্যৰ নতুন গীত “হয়নে ক” য়ে শেহতীয়াকৈ জনসাধাৰণৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে আচুৰ্য্য বৰপাত্ৰই নিজেই; আনহাতে ইয়াত কথা সুনীত গগৈৰ লগতে সংগীত প্ৰযোজনা বিজয় শংকৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাঁহী অঞ্জন মেধিৰ তথা গীতাৰ ৰূপম শৰ্মা আৰু ঋতুৰাজ গগৈৰ। কেৱল মাত্ৰ এটা গীতেৰেই নহয়; আন এটি গীতৰ সৈতেও অনুৰাগীক আকৰ্ষণ কৰিবলৈ সাজু হৈছে কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকীৰ “অভিমান এনেকুৱাই” শীৰ্ষক গীতটিৰ ভিডিঅ’ই লাভ কৰিছিল মুক্তি। লিৰিকেল ভিডিঅ’টোৰ সমান্তৰালকৈ গীতটিৰ ভিডিঅ’টিটো জনসাধাৰণৰ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গ’ল।
আহিবলগীয়া সময়ত কন্ঠশিল্পী গৰাকীৰ কথা আৰু সুৰেৰে আন এটি “বৰষুণ” শীৰ্ষক গীতেও লাভ কৰিব মুক্তি। গীতটিৰ দুখনকৈ পোষ্টাৰ মুকলি কৰা হৈছে আৰু উক্ত দুয়োখন পোষ্টাৰতেই আচুৰ্য্য বৰপাত্ৰৰ পূৰ্বতকৈ এক নতুন লুক দেখিবলৈ পোৱা গৈছে। এই লুকটোৱে অৱশ্যে উৎসাহিত নকৰাকৈও থকা নাই অনুৰাগীকো। আচুৰ্য্য বৰপাত্ৰৰ প্ৰায় প্ৰতিটো গীতৰ বাবেই উৎসাহী হৈ থাকে অনুৰাগী; সেইবাবেই হয়টো তেওঁৰ কোনোধৰণৰ আপডেটে ক্ষন্তেকতে চচিয়েল মিডিয়াত বহুল ৰূপত শ্বেয়াৰ হোৱা দেখিবলৈ পোৱা যায়।

“অভিমান এনেকুৱাই” আৰু সদ্যমুক্তিপ্ৰাপ্ত “হয়নে ক’ ৰ জনপ্ৰিয়তাৰ পিছত আহিবলগীয়া “বৰষুণ” ৰ তাৰিখ বৰ্তমানলৈও জনোৱা হোৱা নাই যদিও গীতটিক লৈ অপেক্ষাৰত অসমীয়া সংগীত প্ৰেমী শ্ৰোতা-দৰ্শক।
Add comment