Rupaliparda.com
মেখেলা ছাদৰৰ সৈতে আকৌ এবাৰ অনুৰাগীৰ চকুত ধৰা দিছে ৰিম্পী দাসেঃ 1

মেখেলা ছাদৰৰ সৈতে আকৌ এবাৰ অনুৰাগীৰ চকুত ধৰা দিছে ৰিম্পী দাসেঃ

মেখেলা-ছাদৰ অথবা শাৰী বুলিলেই প্ৰতিগৰাকী ভাৰতীয় নাৰীৰ গা সাতখন আঠখন হৈ থাকে। এযোৰ শুৱনি মেখেলা-ছাদৰ পৰিধান কৰি বাহিৰলৈ ওলাই গ’লে যেন আন একো অলংকাৰৰ প্ৰয়োজনেই নহয় তেওঁলোকক। আচলতে, এয়া একেবাৰে সঁচা কথা; এখন শাৰী অথবা এযোৰ মেখেলা-ছাদৰৰ সৈতে অইন কোনো সাজ-পাৰে আৰু বেলেগকৈ কোনোধৰণৰ প্ৰতিযোগিতা নকৰিলেও হয়। শেহতীয়াকৈ অভিনেত্ৰী ৰিম্পী দাসৰ কেইখন মান ফটোৱে খলকনি লগাইছে চচিয়েল মিডিয়াত। মেখেলা-ছাদৰৰ সৈতে অভিনেত্ৰী গৰাকীয়ে আকৌ এবাৰ অনুৰাগীক টানিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা অভিনেত্ৰী গৰাকীয়ে হৈছে ৰিম্পী দাস। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে।

https://www.instagram.com/p/CKDf0LBLYKo/?utm_source=ig_web_copy_link
মেখেলা ছাদৰৰ সৈতে আকৌ এবাৰ অনুৰাগীৰ চকুত ধৰা দিছে ৰিম্পী দাসেঃ 2


ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ। বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.