অভিনেতা বৰুণ ধৱন প্ৰেয়সী নতাশা দালালৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কথাটোৰ পৰা আৰম্ভ কৰি চৰ্চা লাভ কৰিছে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “কুলী নম্বৰ ১” ৰ বাবেও। ৰিমেকৰ দ্বাৰা কেৰিয়াৰ গঢ়াই হওঁক অথবা অইন কোনো কাৰণতেই হওঁক অভিনেতা গৰাকীয়ে প্ৰায়ে চৰ্চা লাভ কৰে চচিয়েল মিডিয়াত। আপোনালোকে জানেনে? আমিৰ খানৰ এখন ছবিৰ বাবে অডিশ্বন দিয়া স্বত্বেও নাকচ কৰা হৈছিল বৰুণ ধৱনক। হয়, আপোনালোকে ঠিকেই শুনিছে! আমিৰ খানৰ এখন জনপ্ৰিয় ছবিৰ বাবে গ্ৰহণ কৰা হোৱা নাছিল বৰুণ ধৱনক। আৰু, সেই ছবিখনৰ নাম আছিল “ধৌবি ঘাট”। এক অনুষ্ঠান যোগে বৰুণ ধৱনে নিজেই কৈছে যে, তেওঁৰ আমিৰ খানৰ সৈতে অভিনয়ৰ ইচ্ছা আছিল যদিও তেওঁক অডিশ্বনত নাকচ কৰা হৈছিল। উল্লেখ্য যে, “ষ্টুডেন্ট অৱ ডা ইয়েৰ” ৰ পিছত এই অভিনেতা গৰাকীৰ প্ৰায় প্ৰতিখন ছবিত আছে পূৰণি ছবিৰ চাপ। বৰ্তমান এনে লাগিছে যেন এই অভিনেতা গৰাকীৰ কেৰিয়াৰ নিৰ্ভৰশীল হৈ পৰিছে ৰিমেকৰ ওপৰত।


আনহাতে, এই অভিনেতা গৰাকীৰ কেৰিয়াৰ তথা তেওঁৰ কমেডীৰ খুঁটিডাল মজবুত কৰিবলৈও পিতৃ ডেবিড ধৱনে নিজ পুত্ৰক সহায় কৰা দেখিবলৈ পোৱা গৈছিল। “জুড়ৱা ২” ৰ দ্বাৰা বৰুণৰ কেৰিয়াৰত গিয়াৰ লগাইছিল তেওঁৰ পিতৃ ডেবিড ধৱনে। আমি যদি ছবিৰ পৰা ফালৰি কাটি আহো তেতিয়াহ’লে তেওঁ গীত সমূহতো সেই একেই ধাৰা আমি দেখিবলৈ পাম। তেওঁৰ ছবি “বদ্ৰীনাথ কি দুল্হানিয়া” ত সন্নিৱিষ্ট থকা জনপ্ৰিয় গীতটো আছিল “তম্মা তম্মা”; যিটো বহু দিনলৈ চলিছিল যদিও দৰ্শকে ইয়াক সমাদৰ জ্ঞাপন কৰা নাছিল। আনহাতে তেওঁৰ গীত ‘Illegal Weapon 2.0’ য়ো লাভ কৰিছিল জনপ্ৰিয়তা; যিটো আছিল এটা ৰিমেক গীত।
Add comment