অসমীয়া সংগীত ক্ষেত্ৰখনৰ কিছুমান সংগীতশিল্পীৰ সংগীতে মুক্তিৰ পূৰ্বৰে পৰাই শ্ৰোতা-দৰ্শকৰ হৃদয়ত উৎসাহৰ সৃষ্টি কৰি ৰাখে। সমান্তৰালকৈ, তেওঁলোকৰ গীতৰ মুক্তিৰ খবৰেও অনুৰাগীক অপেক্ষাৰত কৰি ৰাখে। বহুল অনুৰাগীৰে ভৰপূৰ এগৰাকী অসমীয়া সংগীতশিল্পীৰ নাম হৈছে অভিশ্ৰুতি বেজবৰুৱা। অভিশ্ৰুতি বেজবৰুৱাৰ নতুন গীত “ওৰে ৰাতি” য়ে কিছুদিন পূৰ্বৰে পৰা চচিয়েল মিডিয়াত লগাইছে খলকনি। গীতটিৰ মুক্তিৰ পূৰ্বে কন্ঠশিল্পী গৰাকীয়ে চচিয়েল মিডিয়াত আৰম্ভ হৈছে এক ট্ৰেণ্ড। “ওৰে ৰাতি চেলেঞ্জ” নামে এক চেলেঞ্জ দি কন্ঠশিল্পী অভিশ্ৰুতিয়ে শ্ৰোতা-দৰ্শকক গীতটিৰ প্ৰতি আকৰ্ষণ কৰি ৰাখিছে। চলিত মাহৰ ২০ তাৰিখে গীতটিক মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে অভিশ্ৰুতিয়ে। প্ৰায় ৬ বছৰ বয়সৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত এইগৰাকী কন্ঠশিল্পীৰ মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই হৈছে জনপ্ৰিয়; “লক-ডাউন” ৰ প্ৰথমটো ভাগতেই মুকলি কৰি দিয়া অভিশ্ৰুতি বেজবৰুৱাৰ গীত “কেৰুমণি থুৰীয়া” ই বৰ্তমানলৈ জনসাধাৰণ হৃদয়ত ঠাই বনাই ৰাখিছে। কেৱল মাত্ৰ “কেৰুমণি-থুৰীয়া” বুলিয়ে নহয়; অভিশ্ৰুতিৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰত্যেকটা গীতেই জনপ্ৰিয়তাৰ শিখৰত।


প্ৰথমবাৰৰ বাবে “ওৰে ৰাতি” শীৰ্ষক এই গীতটিত কন্ঠদান কৰাৰ লগতে গীতটিত তেওঁ সুৰ কৰিছে। এই গীতটিৰ ভিডিঅ’টোৰ যোগেৰে কন্ঠশিল্পী অভিশ্ৰুতিয়ে এক বিশেষ বাৰ্তা আগবঢ়াব বিচাৰিছে। গীতটিৰ কথা কল্পনা ভূঞাৰ লগতে সংগীত দিছে অনুপম কোঁৱৰে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু দৃশ্যগ্ৰহণ কৰিছে ৰক্তিম হাজৰিকাই; সম্পাদনা কৰিছে সমুজ্জল কাশ্যপৰ লগতে গৌতম মজুমদাৰে। “Times Music” ত মুক্তি পাবলগীয়া এই গীতটিৰ জৰিয়তে জনসাধাৰণে নতুন সোঁৱাদ লাভ কৰিব বুলি ইতিমধ্যে জনাইছে কন্ঠশিল্পী গৰাকীয়ে। আগন্তুক এই গীতটিৰ বাবে অভিশ্ৰুতি বেজবৰুৱাক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment