Rupaliparda.com
"সংগীতৰ বহল পৰিসৰটোত ভাল ভাল কিছু গীত ৰাইজক উপহাৰ দিয়াৰ প্ৰচেষ্টা কৰিম"-বৰ্ণালী বশিষ্ঠ 1

“সংগীতৰ বহল পৰিসৰটোত ভাল ভাল কিছু গীত ৰাইজক উপহাৰ দিয়াৰ প্ৰচেষ্টা কৰিম”-বৰ্ণালী বশিষ্ঠ

নিজৰ সপোনৰ দিশে আগবাঢ়ি যাবলৈ প্ৰায়ে পিতৃ-মাতৃৰ লগতে সমগ্ৰ পৰিয়ালৰ লোকে উদ্গনি যোগোৱা আমি দেখিবলৈ পাওঁ। শৈশৱত নিজ গন্তব্য স্থান পাবলৈ যেনেদৰে জ্যেষ্ঠজনে আমাক হাত ধৰি লৈ যোৱা আমি দেখো ঠিক তেনেদৰে আমাৰ সপোনৰ বাটচোৱাতো তেওঁলোকৰ অৰিহণা মন কৰিবলগীয়া। সংগীতৰ সৈতে জড়িত বিভিন্ন জন নৱপ্ৰজন্মৰ বিষয়ে আমি ইতিমধ্যে ৰূপালীপৰ্দাৰ যোগেৰে আপোনালোকক জনাইছো। সংগীত ক্ষেত্ৰখনত ভুমুকি মাৰি সফলতাৰ দিশে আগবাঢ়িবলৈ সাজু হৈ থকা আন এগৰাকী নৱপ্ৰজন্ম বৰ্ণালী বশিষ্ঠৰ সৈতে আমি পাতিছিলো কিছু এক্সক্লুচিভ কথা-বতৰা। তেওঁৰ সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মোৰ মা সুনিতা ভট্টাচাৰ্য্যই মোক ৪ বছৰ বয়সতে আনুষ্ঠানিক ভাৱে সংগীতৰ চৰ্চা কৰিবৰ বাবে মোৰ ঘৰৰ ওচৰতে থকা শাস্ত্ৰীয় সংগীতৰ বিদ্যালয় এখনত নাম ভৰ্তি কৰাই দিছিল। গতিকে, তেতিয়াৰ পৰাই মই এই ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’ব পাৰো। লগতে, বিভিন্ন প্ৰতিযোগিতা যেনে জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, বিহুগীত আদিত অংশগ্ৰহণৰ বাবে মায়ে মোক লৈ গৈছিল। মোৰ ঘৰ মাকুমৰ ২য় অসম আৰক্ষী বাহিনীৰ কেম্পৰ ওচৰতে; সৰুতে ওচৰৰ বিভিন্ন ঠাই বোৰত হোৱা সাংস্কৃতিক অনুষ্ঠান বোৰত শিশুশিল্পী হিচাপে গীত পৰিৱেশন কৰিবলৈ মাতিছিল। দেউতা সঞ্জীৱ ভট্টাচাৰ্য্যই প্ৰথমাৱস্থাত ইমান বেছিকৈ সংগীতৰ সৈতে জড়িত হৈ পৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে বুলি ভাবিছিল যদিও সংগীতৰ সমান্তৰালৈ মই মোৰ পঢ়া শুনাও ভালদৰে চলাই নিয়াত পিছলৈ দেউতাইও মোক সংগীতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগালে। তেতিয়া বিভিন্ন ধৰণৰ সদৌ অসম ভিত্তিত হোৱা প্ৰতিযোগিতা সমূহত যোগদান কৰিছিলো আৰু বিজয়ী হৈছিলো।”

"সংগীতৰ বহল পৰিসৰটোত ভাল ভাল কিছু গীত ৰাইজক উপহাৰ দিয়াৰ প্ৰচেষ্টা কৰিম"-বৰ্ণালী বশিষ্ঠ 2


তিনিচুকীয়া কলেজৰ পঢ়ি থকা সময়ত তিনিটা বৰ্ষৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰা বৰ্ণালী বশিষ্ঠই আগলৈ কয় যে, ” শাস্ত্ৰীয় সংগীতৰ পিছত মই “Trinity College london” ৰ ফালৰ পৰা মই Western vocals ৰ শিক্ষাগ্ৰহণ কৰিলো আৰু শেহতীয়াকৈ western vocals তথা অসমীয়া লগতে হিন্দী contemporary music ৰ ক্লাছ কৰাই আছো। নিজেও সদায় নতুন নতুন কথাবোৰ শিকি ভাল পাওঁ আৰু সকলোৰে লগত এইবোৰ চর্চা কৰিও ভাল পাওঁ।” গীত এটাৰ সফলতা/ বিফলতাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “গীত এটাৰ সফলতা আৰু বিফলতা সকলোৰে ক্ষেত্ৰত হয়তো বেলেগ বেলেগ হ’ব পাৰে; মোৰ মতে এটি গীতৰ সৃষ্টিৰ পিছত যদি আত্মসন্তুষ্টি লাভ কৰো লগতে শ্ৰোতা আৰু দৰ্শকেও যদি গীতটি শুনি ভাল পায় আৰু আঁকোৱালি লয় সেয়াহে আচলতে গীত এটিৰ সফলতা। নিজাববীয়া কৈ সুৰ কৰি, লিখি, সুন্দৰকৈ গাই যদি উপস্থাপন কৰিব পাৰো আৰু মনৰ ভাব বোৰ যদি গীত এটিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ সক্ষম হওঁ, লগতে গীতটি যদি শ্রোতাইও সংযোগ কৰিব পাৰে তেতিয়াহ’লে সেই গীতটি মোৰ বাবে সফল।”

"সংগীতৰ বহল পৰিসৰটোত ভাল ভাল কিছু গীত ৰাইজক উপহাৰ দিয়াৰ প্ৰচেষ্টা কৰিম"-বৰ্ণালী বশিষ্ঠ 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সংগীতৰ ক্ষেত্ৰত আগন্তুক পৰিকল্পনা হিচাপে কিছু নতুন নতুন কাম কৰাৰ বা কিছু নতুন গীত ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ হেঁপাহ আছে। লক-ডাউনৰ সময়চোৱাত বিশেষ ভাবে ব্যস্ত নথকা সময়ত কিছুমান নতুন গীত লিখিছিলো আৰু সুৰ কৰিছিলোঁ; বৰ্তমানে গীত সমূহ ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ প্ৰচেষ্টা চলাই আছো। ইতিমধ্যে লক-ডাউনৰ সময়তে ৰচিত এটি গীত “উশাহৰ খেলা” ক কিছুদিন আগতে ৰাইজৰ মাজলে উলিয়াই দিছোঁ। ইয়াৰ লগতে, মানস বৰুৱা দ্বাৰা পৰিচালিত তথা zeal creations ৰ বেনাৰত নিৰ্মিত এটি অতি সুন্দৰ পৰিকল্পনা “যাত্ৰা – এটি ছবিৰ” ৰ শীৰ্ষ গীতটিত আমাৰ সকলোৰে মৰমৰ জুবিন দা, প্ৰিয়ংকা ভৰালী বা আৰু ৰূপম ভূঞা দাৰ লগতে মই কণ্ঠদান কৰিবলৈ সুযোগ লাভ কৰিছো; যিটো গীত অতিশীঘ্ৰে মুক্তি লাভ কৰিব।

"সংগীতৰ বহল পৰিসৰটোত ভাল ভাল কিছু গীত ৰাইজক উপহাৰ দিয়াৰ প্ৰচেষ্টা কৰিম"-বৰ্ণালী বশিষ্ঠ 4


তেওঁ আগলৈ কয় যে, “সংগীতৰ বহল পৰিসৰটোত সদায় নতুন নতুন কথা বোৰ শিকি ভাল ভাল কিছু গীত ৰাইজক উপহাৰ হিচাপে দিয়াৰ প্ৰচেষ্টা সদায় কৰিম। আৰু আশা কৰিছোঁ মোৰ এই কাম সমূহ ৰাইজে আঁকোৱালি ল’ব। সৰ্বশেষত ৰূপালীপৰ্দাৰ কৰ্মকৰ্তা সকলক, মোৰ বিষয়ে কিছু কথা ৰাইজক জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform