Rupaliparda.com
"জোনাকে বিচাৰে কি?" আৰু Jibon Unplugged ৰ আন এক সফলতাঃ 1

“জোনাকে বিচাৰে কি?” আৰু Jibon Unplugged ৰ আন এক সফলতাঃ

আমি প্ৰায় জীৱনৰ পিছত দৌৰো; বহু সময়ত আমি এইটো ভাবি নাপাওঁ যে আমাৰ জীৱননো ক’ত! হতাশা অথবা কোনো এগৰাকী বিশেষ ব্যক্তিক জীৱন বাটত আকৌ এবাৰ লগ পোৱাৰ আশাৰেই আমি স্থবিৰতা সানো। জীৱন যাত্ৰাত আমি দৌৰি দৌৰি কেতিয়াবা কোনোবাখিনিত ভাগৰি পৰিলেও প্ৰাপ্তিৰ দিশে আগবাঢ়োতে আমাৰ ওচৰে-পাজৰে থকা সুখানুভূতিক অনুভৱ কৰিবলৈ আহৰিয়ে নাপাওঁ। দৌৰি থকাৰ মাজতে খোৱা ৫ টকীয়া চাহ কাপ অথবা সন্ধিয়াৰ আকাশত তিৰবিৰাই থকা তৰা কেইটাইও কেতিয়াবা যে আমাক আমোদ প্ৰদান কৰিব পাৰে; এয়া আমি পাহৰিয়ে থাকো। পাৰ্থিৱ সুখৰ দিশে আগবাঢ়োতে আমি হেৰুৱাই দিওঁ নিজস্বতা। শেহতীয়াকৈ Youthzkorner ৰ বেনাৰত নিৰ্মিত অসমীয়া ৱেব চিৰিজ “Jibon Unplugged” ৰ তৃতীয়টো খণ্ড “জোনাকে বিচাৰে কি” য়ে মুক্তি লাভৰ পিছতেই লাভ কৰিছে দৰ্শকৰ সমাদৰ। ৬ মিনিটৰ ভিতৰতে এটা কাহিনীক ইমান সুন্দৰকৈ উপস্থাপন কৰা ক্ষেত্ৰত সদায় সফল হয় উক্ত নৱপ্ৰজন্মৰ দলটো। এইবাৰো এই কথাষাৰকেই প্ৰমাণ কৰি আগবাঢ়িছে “জীৱন আনপ্লাগ্ড” ৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলী।


“জোনাকে বিচাৰে কি” খণ্ডটোত অভিনয় কৰিছে কিশোৰ দাস আৰু সুৰভী দাসে। কাহিনী ভাগ লিখিছে পাৰ্থ গোস্বামী আৰু পৰিচালনাৰ দায়িত্বত আছে অনুপ্ৰাস দাস। অনুপ্ৰাস দাস আৰু জগদীশ দাসৰ দৃশ্যগ্ৰহণেৰে উক্ত খণ্ডটোৰ সম্পাদনাৰ দায়িত্বত আছে পৰিচালক গৰাকী নিজেই। ডেইজী তেৰাংগপীৰ ৰূপসজ্জাৰে এনিমেশ্বনৰ দায়িত্বত আছে সৌৰভ হাজৰিকা। গ্ৰাফিক্স সাগৰিকা বি ৰিকুৰ; আনহাতে, সহঃ পৰিচালনা মনোজ হাজৰিকাৰ আৰু সহঃ দৃশ্যগ্ৰহণ ভৈৰৱ কুমাৰ দাসৰ। খণ্ডটোত পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা নতুন যুঁটি ক্ৰমে সুৰভী দাস আৰু কিশোৰ দাসৰ যুঁটিটোকো পচন্দ কৰিছে দৰ্শকে। মুঠতে, প্ৰতিটো কাহিনীৰ শেষ পৰ্যায়টো দৰ্শকৰ মাজত এৰি দিয়াত পৰিচালক অনুপ্ৰাস দত্ত যে সফল সেয়া একাষাৰে কৈ দিব পৰা যায়।

"জোনাকে বিচাৰে কি?" আৰু Jibon Unplugged ৰ আন এক সফলতাঃ 2


মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰত্যেকটা মাধ্যমত অংকিত কৰি লোৱা নৱপ্ৰজন্মৰ নামে সঁচাকৈ উৎসাহিত কৰিছে সকলোকে। আনহাতে, Youthz Korner ৰ তৰফৰ পৰা কৰা এই নতুন প্ৰচেষ্টাটোকো ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform