Rupaliparda.com
"চিলা" ৰ চতূৰ্থটো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "একো যে নাই"- 1

“চিলা” ৰ চতূৰ্থটো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি “একো যে নাই”-

বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ “চিলা” এলবামৰ চতূৰ্থটো গীত মুক্তিৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা। শেহতীয়াকৈ মুক্তি লাভ কৰা গীত “একো যে নাই” ৰ ভিডিঅ’ ত দেখিবলৈ পোৱা গ’ল একাংশ নৱপ্ৰজন্মৰ দলক। “চিলা” এলবামত অন্তৰ্ভূক্ত চতূৰ্থটো গীতক ইতিমধ্যে মুকলি কৰি দি জনসাধাৰণৰ মাজৰ পৰা বুটলিছে হাৰ্টথ্ৰৱ গৰাকীয়ে প্ৰশংসা। নিজ কথা, সুৰ আৰু পৰিচালনাৰে নিৰ্মিত উক্ত গীতটিৰ ভিডিঅ’ পৰিচালনাও কৰিছে জুবিন গাৰ্গে নিজেই। অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা”, “অগ্নি বীণাৰ তান” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “একো যে নাই”। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।

"চিলা" ৰ চতূৰ্থটো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "একো যে নাই"- 2


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ বৃন্দাবন চুপাৰ মাৰ্কেটত তেওঁৰ সৌজন্যত খোলা বিপণী “পথাৰ আমাৰ বজাৰ আমাৰ” য়ে জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিছে। থলুৱা খাদ্যৰ বিক্ৰীৰে এইবাৰ সফলতা লাভ কৰিছে হাৰ্টথ্ৰৱ গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.