নৱপ্ৰজন্মৰ চকুত থকা সপোনে তেওঁলোকক প্ৰায়ে গন্তব্য স্থানৰ দিশে যাবলৈ সহায় কৰে। বৰ্তমান সময়খিনিত আমি প্ৰায়ে এনে একাংশ নৱপ্ৰজন্মক দেখিছো যিসকল নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাৰ উপৰিও তেওঁলোক একোখন একোখন ক্ষেত্ৰৰ একোটা মাধ্যমৰ সৈতে নিজ নিৰৱিচ্চিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। চকুত অযুত সপোন লৈ মনোৰঞ্জন ক্ষেত্ৰখনৰ দিশে আগবাঢ়ি অহা এগৰাকী সক্ৰিয় নৱপ্ৰজন্মৰ নাম হৈছে আৰুসি বৰুৱা। আপুনি এই নামটোৰ সৈতে বৰ বেছি চিনাকী নহয় যদিও এই প্ৰতিভাগৰাকীৰ মুখ খন আপোনালোক সকলোৰে বাবেই চিনাকী। কেইবাখনো আলোচনী অথবা কেইবাটাও ব্ৰেণ্ডৰ সৈতে জড়িত এটা নাম হৈছে আৰুসি বৰুৱাৰ। বিগত ২০১৯ চনৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱা এইগৰাকী আৰুসীয়ে সদায় এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন বুকুত বান্ধি ৰাখিছিল। কিন্তু তেওঁৰ ফটোসমূহে জনসাধাৰণক ইমানেই বেছি আকৰ্ষণ কৰিবলৈ ধৰিছিল যে তেওঁ প্ৰিন্ট মডেলৰ শাৰীত সম্প্ৰতি শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই বিষয়ত তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত তেওঁ কয় যে, “মই কেতিয়াও ভবা নাছিলো যে এই বিষয়ত মই কেতিয়াবা সফলকাম হ’ব পাৰিম। কিন্তু সময়ৰ সৈতে বহুখিনি অভিজ্ঞতা মোৰ হ’ল। এতিয়াও মোৰ বহুখিনি কথা শিকিবলৈ বাকী আছে।


মডেল তথা অভিনয়; এই দুই মাধ্যমৰ কোনটো আটাইতকৈ প্ৰিয় বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মডেলিং ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও মই অভিনয় মাধ্যমটোৰ প্ৰতিহে বেছিকৈ আগ্ৰহী। অভিনয় চাই ভাল পাওঁ আৰু কৰিও ভাল পাওঁ।মডেলিং ক্ষেত্ৰখনৰ পৰিসৰ আচলতে যথেষ্ট ডাঙৰ, “মডেলিং” বুলি ক’লেই আহি পৰে “ৰেম্প”; যিটো মই কৰা নাই। মোৰ অভিনয়ৰ প্ৰথম আৰম্ভণি হৈছিল “মোৰ কথাই আমনি কৰে” শীৰ্ষক এটি গীতৰ জৰিয়তে; য’ত মোক শ্ৰোতা-দৰ্শকে যথেষ্ট সঁহাৰি জনাইছিল। মোৰ সপোন আছে যে মই অসমৰ এগৰাকী ভাল অভিনেত্ৰী ৰূপে নিজক প্ৰতিষ্ঠা লাভ কৰিব পাৰো। অসমৰ বাবে ভাল কাম কৰি যোৱাটোৱেই মোৰ আশা।” এগৰাকী প্ৰকৃত “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে,”মোৰ মতে, এগৰাকী শিল্পী হৈছে সেইজন ব্যক্তি যিয়ে নিজৰ দৃষ্টিভংগীৰে কোনো এটা বিষয়ক গ্ৰহণ কৰি সেই বিষয়টোক নিজাধৰণে দৰ্শকক সংযোগ কৰিব পৰাকৈ উপস্থাপন কৰে। “শিল্পী” ৰ ক্ষেত্ৰত কোনো চৰ্ট কাট নাথাকে; এগৰাকী শিল্পীয়ে নিজৰ যাত্ৰাত হাজাৰ বাৰ পৰে আৰু হাজাৰ বাৰ উঠে।”

আগলৈ তেওঁ কয় যে, ” প্ৰতিভা সদায় নিজৰ মাজত থাকে; তাক কেতিয়াও বেচা-কিনা কৰিব পৰা নাযায়। প্ৰকৃততে, শিল্পী সেইজন যিয়ে নিজৰ প্ৰতিভা কেতিয়াও কোনো মূল্যত বিক্ৰী কৰিব নিদিয়ে।”
Add comment