সংগীত ক্ষেত্ৰখনত ক’ব নোৱাৰাকৈয়ে অন্তৰ্ভূক্ত হোৱা একাংশই বৰ্তমান অসমীয়া সংগীত ক্ষেত্ৰখনত ইমান সুন্দৰ কিছু প্ৰকল্পৰ সৃষ্টি কৰি শ্ৰোতা-দৰ্শকক উৎসাহিত কৰিছে যে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। শেহতীয়াকৈ আমি কথা পাতিছিলো জয়পুৰ ইন্টাৰনেছনেল ফিল্ম সমাৰোহত তিনিটাকৈ বঁটাপ্ৰাপ্ত ছবি “পৰিচয়” ৰ বেকগ্ৰাউণ্ড মিউজিকৰ দায়িত্বত থকা সৌৰভ মহন্তৰ সৈতে। শৈশৱৰ পৰা অসমীয়া সংগীত ক্ষেত্ৰখনত জড়িত সংগীতশিল্পী সৌৰভ মহন্ত। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “সংগীত ক্ষেত্ৰখনত মোক জন্মৰ পৰা চিনাকী কৰাই দিছিল মোৰ মায়ে; যিহেতু এখন সাংগীতিক পৰিৱেশ থকা পৰিয়ালতে মোৰ সোভাগ্যক্ৰমে জন্ম হৈছিল গতিকে সংগীত ক্ষেত্ৰখনৰ সৈতে মই সৰুৰ পৰাই জড়িত হৈ পৰিছিলো। অল ইণ্ডিয়া ৰেডিঅ’ ৰ অকণিৰ চৰা, দূৰদৰ্শনৰ শিশু অনুষ্ঠানত মোক আগবঢ়াই নিছিলে মোৰ মামা ককা খগেন মহন্ত দেৱে লগতে মোৰ মা আৰু মাহীয়ে। পিছলৈ ক’ব নোৱাৰাকৈয়ে মই গীত আৰু ছবিৰ সংগীত ব্যৱস্থাপনা তথা কন্ঠদান আদিত সোমাই পৰিছিলো।

এটা গীতৰ সফলতা অথবা বিফলতা তেওঁৰ মতে কি বুলি কৰা প্ৰশ্নৰ উত্তৰত সৌৰভ মহন্তই কয় যে, “গীত এটাৰ সফলতা/বিফলতা বুলি ক’বলৈ গ’লে মোৰ মতে একো নাই। প্ৰতিজন শ্ৰোতাৰে বিভিন্ন সোঁৱাদ, সকলোৱে বিভিন্ন ধৰণৰ গীত শুনিব পাৰে। তথাপিও কোনো এটা গীত যেতিয়া প্ৰায় সংখ্যক শ্ৰোতা-দৰ্শকে প্ৰিয় হিচাপে আদৰি লয় আৰু তাক শুনে তেতিয়াই গীতটিৰ সৈতে জড়িত গীতিকাৰ গৰাকীৰ পৰা আৰম্ভ কৰি শব্দ-সংমিশ্ৰণ কৰোতা জনলৈ সকলো সফল হৈছে বুলি ক’ব পৰা যায়। আনহাতে, কোনো এটা গীতে যেতিয়া দুঃখিত পৰিৱেশ এটাৰ সলনি কৰি আনন্দময় অথবা শান্তিৰ পৰিৱেশ সৃষ্টি কৰে তেতিয়া সেই গীতটিকো আমি সফল গীত বুলি গ্ৰহণ কৰি লওঁ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,”আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে প্ৰায় ৯-১০ টা মান গীত “লক-ডাউন” ৰ সময়খিনিতে নিজ সৃষ্টি ৰূপে তৈয়াৰ কৰিছিলো। সেইখিনিকেই এটা এটাকে ৰাইজৰ মাজত উলিয়াই দিয়াৰ কথা ভাবিছো।”


আগলৈ তেওঁ কয় যে, “কিছু আন শিল্পীৰ গীত কৰি আছো ক্ৰমে জয় বৰুৱা, গায়ত্ৰী হাজৰিকা, অনিন্দিতা পল, সুবাসনা দত্ত আৰু ৰূপম ভূঞাৰ বাবে গীত কৰি আছো। সেইখিনিও আপোনালোকৰ মাজলৈ আহিব; দুুখন ছবি আৰু তিনিখন তথ্যচিত্ৰৰ কাম কৰিছো। যিকেইখন ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছে।”
Add comment