তেলেগু নিৰ্দেশক এস এস ৰাজামৌলী নিজ ছবিৰ বিশালতাৰ বাবে জনাজাত। “বাহুৱলী” চিৰিজৰ পৰিচালনাৰে ইতিমধ্যে জনসাধাৰণৰ বিশ্বাস তেওঁ নিজৰ পিনে টানিবলৈ সক্ষম হৈছে। জনসাধাৰণৰ বিশ্বাসৰ লগতে ৰাজামৌলীৰ “বাহুৱলী” ছবিয়ে বস্ক অফিচ কালেকচনতো এক সুন্দৰ প্ৰদৰ্শন কৰিছিল সেয়া হয়টো আকৌ এবাৰ আপোনালোকৰ ওচৰত প্ৰকাশ নকৰিলেও বুজিব পাৰে। শেহতীয়াকৈ তেওঁ নিজৰ আহিবলগীয়া ছবি RRR ৰ প্ৰস্তুতিত ব্যস্ত আৰু ছবিখন আহি পাইছে নিজৰ ক্লাইমেক্স দৃশ্যত। পৰিচালক গৰাকীয়ে নিজেও এখন ফটো শ্বেয়াৰেৰে ক্লাইমেক্সৰ এটা দৃশ্য জনসাধাৰণৰ ওচৰত প্ৰকাশ কৰে। ফটোখন শ্বেয়াৰৰ দ্বাৰা ৰাজামৌলীয়ে কয় যে, “ক্লাইমেক্সৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে। মোৰ ৰামৰাজু আৰু ভীম সেইটো লক্ষ্য পাবলৈ আগবাঢ়িছে,যিটো সম্পূৰ্ণ কৰিবলৈ আছিল।”

উল্লেখ্য যে, ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে ৰামচৰণ, এনটি আৰ জুনিয়ৰ, অজয় দেৱগণ আৰু আলিয়া ভাটে। ছবিখনৰ সম্পূৰ্ণ নামটো হৈছে “Roudram Ranam Rudhiram”। তামিল, তেলেগু, মালায়ালম, হিন্দী আদি ভাৰতীয় ১০ টা ভাষাতেই নিৰ্মাণ কৰা হ’ব এই ছবিখন। ভাৰতীয় সেনাক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ বাজেটেই হৈছে ৪০০ কোটি টকা। ৰাম চৰণ আৰু আলিয়া ভাটৰ কেমেষ্ট্ৰীৰ পৰিৱৰ্তে ছবিখনত অজয় দেৱগণকো গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন দেখিবলৈ পোৱা যাব।
Add comment