Rupaliparda.com
অভিনেত্ৰী অমৃতা গগৈৰ পৰিয়াললৈ নতুন আলহীঃ 1

অভিনেত্ৰী অমৃতা গগৈৰ পৰিয়াললৈ নতুন আলহীঃ

অভিনেত্ৰী অমৃতা গগৈৰ পৰিয়াললৈ নতুন আলহী। চচিয়েল মিডিয়া যোগে ইতিমধ্যে এই খবৰ অনুৰাগীক জনাইছে অভিনেত্ৰী গৰাকীয়ে। বিগত ২০১৯ বৰ্ষত ৮ বছৰীয়া প্ৰেমৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল অভিনেত্ৰী অমৃতাই। যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেত্ৰী অমৃতা গগৈ। শেহতীয়াকৈ তেওঁ কেইখনমান ফটোৰ জৰিয়তে মাতৃ হ’বলৈ ওলোৱা কথাটোক অনুৰাগীক জনায়। তেওঁৰ উক্ত পোষ্টটোত মেঘৰঞ্জনীৰ পৰা আৰম্ভ কৰি বৰ্ষা ৰাণী বিষয়া তথা সুনীতা কৌশিকেও শুভকামনা জ্ঞাপন কৰে। কিছুদিন পূৰ্বে অমৃতা গগৈক সুবাসনা দত্তৰ গীত “আপুনি আহিব” ত কমল লোচনৰ সৈতে দেখিবলৈ পোৱা গৈছিল। অসমীয়া চলচিত্ৰ জগতত এক জনপ্ৰিয় নাম হৈছে অমৃতা গগৈ। শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া নৃত্যশিল্পী। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট।

অভিনেত্ৰী অমৃতা গগৈৰ পৰিয়াললৈ নতুন আলহীঃ 2


“ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ ছবিৰ ক্ষেত্ৰত প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ছবিখনক। ২০২০ বৰ্ষৰ প্ৰথমাভাগত এই গৰাকী অভিনেত্ৰীক নাৰী সৱলীকৰণক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform