Rupaliparda.com
কালি মাৰ ৰূপত পৰিণীতা বৰঠাকুৰঃ ভিডিঅ'ত সঁহাৰি অনুৰাগীৰ 1

কালি মাৰ ৰূপত পৰিণীতা বৰঠাকুৰঃ ভিডিঅ’ত সঁহাৰি অনুৰাগীৰ

ৰাষ্ট্ৰীয় চেনেল Star Bharat ত সম্প্ৰচাৰিত Gupta Brothers ত এইবাৰৰ এটি খণ্ডত পৰিণীতা বৰঠাকুৰক দেখিবলৈ পোৱা যাব মা কালিৰ চৰিত্ৰত। ইনষ্টাগ্ৰামত দিয়া পোষ্টত পৰিণীতাই কালি মাৰ দৰেই মেকআপ কৰি থকা অৱস্থাৰ এটা ভিডিঅ’ তেওঁ আপলোড কৰে। ভিডিঅ’টোত তেওঁক প্ৰতিজন অনুৰাগীয়ে ধনাত্মক মতামত দিয়া দেখিবলৈ পোৱা গ’ল। উক্ত ধাৰাবাহিকখনৰ সমাপ্তিৰ দিনো ইতিমধ্যে চমু চাপি আহিছে। ১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে।

কালি মাৰ ৰূপত পৰিণীতা বৰঠাকুৰঃ ভিডিঅ'ত সঁহাৰি অনুৰাগীৰ 2


“চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাই সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত ইতিমধ্যে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.