Rupaliparda.com
অহা ৫ ফেব্ৰুৱাৰীত Atlas Creation ৰ বেনাৰত "কোন হ'ব?"- 1

অহা ৫ ফেব্ৰুৱাৰীত Atlas Creation ৰ বেনাৰত “কোন হ’ব?”-

Atlas Creation ৰ বেনাৰত নিৰ্মিত “ভবাই নাছিলো” গীতটিৰ বহুল সফলতাৰ পিছত উক্ত প্ৰযোজনা গোষ্ঠীটোৰ ওপৰত এক বিশ্বাস দেখুৱাইছে অসমীয়া সংগীত প্ৰেমী প্ৰতিজন শ্ৰোতা-দৰ্শকে। এওঁলোকৰ বেনাৰত নিৰ্মিত আন এক সংযোজনৰ বাবে ইতিমধ্যে সাজু হৈছে সকলো। অহা ৫ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব “কোন হ’ব?”শীৰ্ষক গীতটি । গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ পিছতেই গীতটিক লৈ উৎকন্ঠিত হৈ পৰিছে অনুৰাগী; গীতটিৰ ভিডিঅ’টোৰ এটি সৰু টিজাৰেই হৈছে দৰ্শকৰ উৎসাহৰ বিশেষ কাৰণ। দীঘল চুলিৰে প্ৰত্যেকৰে হৃদয়ত খলকনি লগোৱা বৰ্তমান জনপ্ৰিয় অভিনেতা কমল লোচনক এইবাৰ যি ৰূপত দেখিবলৈ পোৱা যাব সেয়া অৱশ্যে জনসাধাৰণে ইয়াৰ পূৰ্বেও কেতিয়াও ভাবিবই পৰা নাছিল। অভিনয়ৰ লগতে এইবাৰ তেওঁ নিজৰ নতুন লুকেৰেও এতিয়া অনুৰাগীক গীতটিক অপেক্ষাৰত কৰি তুলিছে। আনহাতে, গীতটিৰ কথা হৈছে ৰাহুল দে দাসৰ; ইতিমধ্যে কেইবাটাও গীতৰ আঁৰৰ ব্যক্তি ৰাহুলৰ কথাবোৰে এটি গীতক সফলকাম কৰি তোলাত সক্ষম হয় বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব।


এটি গীতৰ কথাবোৰে যেতিয়া এজন শ্ৰোতাক সংযোগ কৰিব পাৰে তেতিয়াই সফল হয় একোটা নিৰ্দ্দিষ্ট গীত। “কোন হ’ব?” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে সম্প্ৰতি সময়ৰ দুই জনপ্ৰিয় কন্ঠশিল্পীৰ যুঁটিয়ে; নীল আকাশ আৰু বৰষা বৰাৰ কন্ঠৰে মুক্তি লাভ কৰিব এই গীতটি। গীতটিত সুৰ প্ৰবীণ বৰাৰ আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে; ইয়াৰ লগতে Exas Music ৰ সংগীত প্ৰযোজনাৰে গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে প্ৰণৱ ভৰালী। “কথা দিলো” শীৰ্ষক গীতটিৰ ভিডিঅ’ পৰিচালনাৰে শেহতীয়াকৈ অধিক জনপ্ৰিয়তা লাভ কৰা প্ৰণৱ ভৰালীৰ আগন্তুক এই গীতটিক উপভোগ কৰিবলৈ অৱশ্যে নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰো অনুৰাগী অপেক্ষা কৰি ৰৈছে। ৰুহুল বৰভূঞাৰ দৃশ্যগ্ৰহণেৰে ইয়াত সম্পাদনা আৰু গ্ৰাফিক্সৰ দায়িত্বত আছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য।

অহা ৫ ফেব্ৰুৱাৰীত Atlas Creation ৰ বেনাৰত "কোন হ'ব?"- 2


৫ ফেব্ৰুৱাৰী তাৰিখে আহিবলগীয়া উক্ত গীতটিক লৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform