Rupaliparda.com
দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰিজ"- 1

দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ “গুৱাহাটী ডায়েৰিজ”-

জীৱন তথা জীৱন প্ৰক্ৰিয়া; আমি জীয়াই থকাৰ খাতিৰত প্ৰত্যেকে এখন নাটকৰ একো একোটা চৰিত্ৰ ৰূপায়ন কৰি আহি আহিছো; সেইবাবেই হয়টো আন এজনে আহি “খবৰ ভাল নেকি?” বুলি প্ৰশ্ন কৰাৰ সমান্তৰালকৈ আমি বিষাদৰ গাঁথাবোৰ বুকুত সামৰি হাঁহি মুখে “ভালেই” বুলি কৈ পেলাওঁ। আমাৰ ভিতৰ খনত হাজাৰখন অন্তঃদ্বন্দ নচলক কিয়; আমি প্ৰায়ে কোনোবা এখন ঠাইলৈ গৈ নিজক সেই পৰিস্থিতিত ঢাল খোৱাই কিবা এটা অৰ্জনৰ চেষ্টা কৰো; সচৰাচৰ আমাৰ সৈতে চলি থকা কাহিনীবোৰ যদি আমি কেতিয়াবা ডাঙৰ স্ক্ৰীণত দেখিবলৈ পাওঁ তেতিয়া সেই কাহিনীভাগে আমাক বাৰুকৈয়ে সংযোগ কৰাত সক্ষম হয়। ইতিমধ্যে এনে কাহিনীৰে নিৰ্মিত এখন ছবি “গুৱাহাটী ডায়েৰিজ” ৰ কৰা হ’ল মশ্বন পোষ্টাৰ মুকলি। ইয়াৰ মুক্তিৰ পিছতেই বৰ্তমান প্ৰতিজন চলচিত্ৰ প্ৰেমী দৰ্শক অপেক্ষাৰত ছবিখনক লৈ; প্ৰশান্ত শইকীয়াৰ দ্বাৰা পৰিচালিত এই ছবিখনত দুগৰাকীকৈ জনপ্ৰিয় তথা অনুৰাগীৰ দীঘলীয়া শাৰীৰে ভৰপূৰ অভিনেত্ৰীৰ একোটা নতুন চৰিত্ৰ দেখিবলৈ পোৱা যাব। উৰ্মিলা মহন্ত আৰু বৰ্ষাৰাণী বিষয়াই এতিয়ালৈ কৰা চৰিত্ৰসমূহৰ ভিতৰত “গুৱাহাটী ডায়েৰিজ” ছবিখনত কৰা চৰিত্ৰ কেইটা “চেলেঞ্জিং” আছিল বুলি তেওঁলোকে ইতিমধ্যে নিজেই ব্যক্ত কৰিছে। ইয়াৰ উপৰিও, ছবিখনত আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা তথা কন্ঠশিল্পী অৰ্ঘদ্বীপ বৰুৱাই; “আমিষ” তথা তেওঁৰ দৈনন্দিন জীৱনতকৈ কিছু বেলেগ এটা জীৱন প্ৰণালীৰ এটা চৰিত্ৰক লৈ এইবাৰ অৰ্ঘদ্বীপে প্ৰতিজন দৰ্শকক আচম্বিত কৰাত সক্ষম হ’ব বুলি ৰূপালীপৰ্দাক জানিবলৈ দিয়ে পৰিচালক প্ৰশান্ত শইকীয়াই।

দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰিজ"- 2
দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰিজ"- 3


নগৰ অঞ্চলৰ সম্পৰ্ক সমূহৰ জটিলতাক ছবিখনত উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক গৰাকীয়ে। সংগীতৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ চেষ্টা কৰা এই ছবিখনত দৰ্শকে শুনিবলৈ পাব এটি হিন্দী গজলো। মুঠতে, এখন সৰ্বাংগ সুন্দৰ ছবিক লৈ আপোনালোকৰ মাজত আহিবলৈ সাজু হৈছে পূৰ্বে “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ৰ পৰিচালক প্ৰশান্ত শইকীয়া। “প্ৰেম সম্পৰ্ক” ক লৈ নিৰ্মাণ হ’লেও দৰ্শকে ছবিখনত ড্ৰামাৰ উপভোগ কৰিব পাৰিব; প্ৰহৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে ড° প্ৰণীতা শইকীয়া আৰু সহঃ প্ৰযোজনা কৃষ্টি দাস আৰু ৰাজদ্বীপ। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে পাপু ডেকা আৰু সম্পাদনা অভিজিৎ ৰয়ৰ। কাহিনী পৰিচালক গৰাকীৰ নিজৰেই। চিত্ৰনাট্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা এই ছবিখনৰ চিত্ৰনাট্য লিখিছে নীল বৰ্মনে। আনহাতে, ছবি খনত আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, উদয়ন দুৱৰা, ৰঞ্জীৱ লাল বৰুৱা, মিন্তু বৰুৱা, কমল লোচন, হেমন্ত দেৱ নাথ আৰু মনীষা হাজৰিকাই।

দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰিজ"- 4


উল্লেখ্য যে, উদয়ন দুৱৰা তথা ৰঞ্জীৱ লাল বৰুৱাৰ চৰিত্ৰ দুটাতো দৰ্শকে সোঁৱাদ লাভত সক্ষম হ’ব। চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহৰ ভিতৰতেই ছবিখনক ৰাইজৰ মাজত উলিয়াই দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে। সম্পৰ্কবোৰ ঠুনুকা; এই ঠুনুকা সম্পৰ্কবোৰ কেতিয়াবা আমাৰ অহংকাৰৰ অন্ধকাৰত নষ্ট হৈ পৰে। “গুৱাহাটী ডায়েৰিজ” ক লৈ শেহতীয়াকৈ জনসাধাৰণৰ উৎসাহো পৰিলক্ষিত হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform