Rupaliparda.com
দেৱৰাজ বৰাৰ নতুন গীত "ক'তেনো নিঁয়ৰ সৰে" ৰ শ্বুটিং আৰম্ভঃ 1

দেৱৰাজ বৰাৰ নতুন গীত “ক’তেনো নিঁয়ৰ সৰে” ৰ শ্বুটিং আৰম্ভঃ

কন্ঠশিল্পী দেৱৰাজ বৰাৰ কন্ঠৰে মুক্তি লাভৰ বাবে সাজু হৈছে এটি নতুন গীত “ক’তেনো নিঁয়ৰ সৰে”। বহুদিনীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই গীতটিক লৈ বৰ্তমান সাজু হৈ পৰিছে দেৱৰাজৰ লগতে তেওঁৰ অনুৰাগীও। থলুৱা সুৰৰ সুবাস হৈছে দেৱৰাজৰ গীতৰ অন্যতম লক্ষণ; তেওঁৰ গীতসমূহত এক নতুন সোঁৱাদৰ অনু্ভৱ কৰিব পৰা যায়। আচলতে, সেয়াই কথা।এনে একাংশ কন্ঠশিল্পীৰ জন্ম বৰ্তমান হৈছে যাৰ অনুৰাগীৰ শাৰী দীঘলীয়া নহ’লেও তেওঁলোকৰ একোটা ভিডিঅ’ই কিছু সময়ৰ বাবে হ’লেও আচলতে শ্ৰোতা-দৰ্শকক স্তব্ধ কৰিবলৈ সক্ষম হৈ পৰে। “ক’তেনো নিঁয়ৰ সৰে” শীৰ্ষক গীতটিত কথা, সুৰৰ লগতে ইয়াত কন্ঠদানো কৰিছে দেৱৰাজ বৰাই; আনহাতে সংগীত প্ৰযোজনা কৰিছে মৃন্ময় শৰ্মাই। ইয়াৰ উপৰিও, এই গীতটিৰ আন এক উল্লেখনীয় কথা এয়াও যে “ক’তেনো নিঁয়ৰ সৰে” শীৰ্ষক গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী উপাসনা প্ৰিয়মক। নৱপ্ৰজন্মৰ অভিনেত্ৰী সমূহৰ ভিতৰত উপাসনাক বৰ্তমান পচন্দও কৰিবলৈ লৈছে প্ৰত্যেকে। ২০১৯ ৰ পৰা পেছাগত ভাৱে এই ক্ষেত্ৰখনত সোমাই পৰা দেৱৰাজৰ বাবে সংগীত চৰ্চাই আছিল তেওঁৰ সৰ্বস্ব। অহা ১ ফেব্ৰুৱাৰী তাৰিখৰ পৰা উক্ত গীতটিৰ ভিডিঅ’ শ্বুট কৰা হ’ব বুলি জানিব পৰা গৈছে।

দেৱৰাজ বৰাৰ নতুন গীত "ক'তেনো নিঁয়ৰ সৰে" ৰ শ্বুটিং আৰম্ভঃ 2
দেৱৰাজ বৰাৰ নতুন গীত "ক'তেনো নিঁয়ৰ সৰে" ৰ শ্বুটিং আৰম্ভঃ 3


সংগীত ক্ষেত্ৰখনত কিবা এটা বেলেগ কৰি দিম বুলি আচলতে আশ্বাস নিদিলেও কিছুমান এনে কন্ঠশিল্পীও আছে যাৰ গীতৰ বৈশিষ্ট্য সমূহ হৈছে সুকীয়া অথবা শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ। এটি গীতৰ কলাত্মক উপস্থাপনক প্ৰাধান্য দিয়া দেৱৰাজৰ এই নতুন গীতটিতনো কি নতুন থাকিব সেয়া আহিবলগীয়া দিনতহে গম পোৱা যাব। তেওঁৰ এই গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform