Rupaliparda.com
কৃষি আন্দোলনক লৈ মুখ খুলিলে ছলমান খানেঃ 1

কৃষি আন্দোলনক লৈ মুখ খুলিলে ছলমান খানেঃ

দেশৰ ৰাজধানী দিল্লীৰ কেইবাটাও বৰ্ডাৰত প্ৰত্যেকটো দিনে চলি থকা কৃষি আন্দোলনক লৈ বৰ্তমান প্ৰায়ে চিলেব্ৰেটী সমূহৰ প্ৰতিক্ৰিয়া বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছে।কোনোৱে কৃষক সকলৰ এই আন্দোলনক সমৰ্থন জনাইছে আৰু আন একাংশই এই আন্দোলনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। বলীউড চিলেব্ৰেটী তাপসি পান্নু, অক্ষয় কুমাৰ, অজয় দেৱগণ, কংগনা ৰাণাওঁট তথা স্বৰা ভাস্কৰকে আৰম্ভ কৰি বহুখিনি ব্যক্তিয়ে নিজ নিজ ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গ’ল উক্ত বিষয়টোত। এই আটাইবোৰৰ পিছত শেহতীয়াকৈ বলীউডৰ ডবংগ ছলমান খানেও এই বিষয়ত নিজ মতামত দিয়ে। ছলমান খান এক অনুষ্ঠানত উপস্থিত হোৱাৰ পিছতেই তেওঁক বহু সাংবাদিকে কৃষি আন্দোলনক লৈ প্ৰশ্ন কৰে; অভিনেতা গৰাকীয়ে তেতিয়া কয় যে, “মই এই বিষয়ত কিয় নক’ম; নিশ্চয় ক’ম। যিটো সকলোৰে বাবে ঠিক সেইটো হ’ব লাগে; যি প্ৰকৃততে প্ৰকৃত সেইটো হ’ব লাগে। যিটো সকলোৰে বাবে হিতত থাকিব সেইটো হ’ব লাগে!”

কৃষি আন্দোলনক লৈ মুখ খুলিলে ছলমান খানেঃ 2
কৃষি আন্দোলনক লৈ মুখ খুলিলে ছলমান খানেঃ 3


এয়া প্ৰথমবাৰ আছিল য’ত ছলমান খানে কৃষি আন্দোলনক লৈ নিজ মন্তব্য প্ৰকাশ কৰিছিল। কৃষি আন্দোলনক লৈ কেৱল বলীউডৰ বুলিয়ে নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিলেব্ৰেটী সমূহৰ ওপৰতো ই খলকনিৰ সৃষ্টি কৰিছে। ৰিহানা, গ্ৰেটা থনবাৰ্গ আৰু মিয়া খালিফাই এই বিষয়টোৰ ওপৰত নিজ মন্তব্য প্ৰকাশ কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform