Rupaliparda.com
ধেমালি আঁৰ লৈ আৰু কিমান দিন জুবিন গাৰ্গ সোমাব বিতৰ্কত? 1

ধেমালি আঁৰ লৈ আৰু কিমান দিন জুবিন গাৰ্গ সোমাব বিতৰ্কত?

বিগত বহুদিন ধৰি জুবিন গাৰ্গক লৈ চলি থকা সমালোচনাৰ উত্তৰ ৰূপে জুবিন গাৰ্গে ক’লে যে তেওঁ ধেমালি কৰিছিল কিন্তু সকলোৱে চিৰিয়াচলি ল’লে। এগৰাকী কন্ঠশিলী ৰূপে তেওঁৰ অনুৰাগীৰ শাৰী যিমানেই দীঘলীয়া নহওঁক কিয় জুবিন গাৰ্গ এগৰাকী ব্যক্তি হিচাপে তেওঁ প্ৰত্যেকদিনাই থাকে বিতৰ্কত। এক ব্যক্তিগত সংবাদ মাধ্যমৰ এৱাৰ্ড শ্ব’ত উপস্থিত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰক শ্ৰুতিকটু মন্তব্য কৰাৰ লগতে প্ৰযোজক মিলিন দত্তক কন্ঠশিল্পী জুবিন গাৰ্গে কৰা ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰা হৈছিল সৰ্বত্ৰে। চচিয়েল মিডিয়া যোগে প্ৰত্যেকেই তেওঁক সমালোচনা কৰিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ তেওঁৰ এই ব্যৱহাৰৰ বাবে মহিলা আয়োগেও দাখিল কৰিছে এক অভিযোগ। এই আটাইবোৰৰ পিছতে কন্ঠশিল্পী জুবিন গাৰ্গে নিজ মুখ খোলে আৰু কয় যে তেওঁ কেৱল মাত্ৰ ধেমালি কৰিছিল যিটো সকলোৱে চিৰিয়াচলি ল’লে। ঘোষক ৰূপে থকা নিশিতা গোস্বামীক জুবিনে অশালীন মন্তব্য কৰাৰ পিছতো তেওঁ মঞ্চত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল যদিও পিছলৈ তেওঁয়ো এক ষ্টেটাচ যোগে সকলোকে নাৰীক সন্মান কৰিবলৈ আহ্বান জনায় আৰু উক্ত ঘটনাটোৰ পিছত তেওঁৰ পৰিয়ালৰ আটাইবোৰ চিন্তাত পৰিছে বুলিও মন্তব্য কৰে।

ধেমালি আঁৰ লৈ আৰু কিমান দিন জুবিন গাৰ্গ সোমাব বিতৰ্কত? 2
ধেমালি আঁৰ লৈ আৰু কিমান দিন জুবিন গাৰ্গ সোমাব বিতৰ্কত? 3


জুবিন গাৰ্গ আৰু বিতৰ্ক; তেওঁলোকৰ মাজত যেন এক গভীৰ সম্পৰ্ক। সময়ে সময়ে জুবিন গাৰ্গক লৈ বিতৰ্ক চলে আৰু তেওঁ পিছলৈ ধেমালি কৰিছিলো বুলি কৈয়ে পিছ হুহুুঁকে। কিন্তু এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিন জুবিন গাৰ্গে একো নভৱাকৈ এনেদৰে ধেমালি কৰিব? ৰাজহুৱা স্থানত কৰা এনে মন্তব্যক কেৱল মাত্ৰ ধেমালি বুলি কৈয়ে হাত সাৰিব পৰা যায়নে?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.