আমাৰ প্ৰত্যেকৰে জীৱনলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে আমাক কিবা নহয় কিবা এটা শিকাই যায়। এই নানান জন ব্যক্তিৰ সৈতে হোৱা আমাৰ চিনাকীবোৰে অভিজ্ঞতা প্ৰদান কৰি আগবঢ়াই লৈ যোৱাত সক্ষম হয়। “বন্ধু”; জীৱনৰ সফল অথবা সফলতা, দুখ অথবা বিষাদ, হাঁহি অথবা কান্দোন এই আটাইবোৰতেই লগ দিয়া ব্যক্তিগৰাকীয়ে হৈছে “বন্ধু”। বহু দিনৰ বিৰতিৰ পিছত লগ পালেও এই “বন্ধু” ৰ সৈতে সম্পৰ্কৰ কোনোদিন সাল-সলনি নঘটে; অনৰ্গল এগালকৈ কথা ক’লেও, অকাৰণবশতঃ কোনো কাম কৰিলেও আমনি নালাগে এওঁলোকৰ সৈতে। এষাৰ কথা আছে যে, পৃথিৱীৰ সকলো সম্পৰ্কতকৈ “প্ৰেম” সুন্দৰ হ’লেও “বন্ধু” অথবা “বন্ধুত্ব” ত হেনো স্বাৰ্থ নাথাকে। সেইবাবেই হয়টো আমাৰ মন বেয়া লগাৰ লগে লগে তেওঁলোকৰো মনবোৰ ভৰি পৰে; আমি ইতিমধ্যে “বন্ধু” আৰু “বন্ধুত্ব” ৰ আলাপেৰে বহু ছবি, চুটি ছবি নিৰ্মাণ হোৱা দেখিছো অথবা এইসমূহ আমি উপভোগো কৰিছো। শেহতীয়াকৈ ঋতৃষা শৰ্মাৰ কন্ঠৰেও মুক্তি লাভ কৰিছে “একাঁ-বেঁকা” শীৰ্ষক এটি বন্ধুৰ গীত। গীতটিয়ে মুক্তিৰ পিছতেই একাংশ সংগীতপ্ৰেমী শ্ৰোতাক সংযোগ কৰিবলৈ সক্ষম হৈছে কিয়নো গীতটিৰ ভিডিঅ’ত থকা কাহিনীভাগ হৈছে প্ৰত্যেকৰে জীৱনত সচৰাচৰ ঘটি থকা এটি অনুৰূপ কাহিনীৰ উপস্থাপন।
গীতটিৰ কথা মৃন্ময় কলিতাৰ; ইতিমধ্যে মৃন্ময় কলিতাৰ কথাৰে মুক্তি লাভ কৰা আন এটি গীত “Zindagi” য়ে বুটলিছে সমাদৰ; গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ গীতটিত সুৰো কৰিছে ঋতৃষাই নিজেই। সূদৰ্শন বৰকটকীৰ সংগীত প্ৰযোজনাৰে “একাঁ-বেকাঁ” ত গীতাৰ, পিয়ানো’ আৰু হাৰমনিয়াম বজাইছে চনু শীলে; আনহাতে গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। গীতটিৰ বাণীবদ্ধ কৰা হৈছে গুৱাহাটীস্থিত Soundzone Studio ত। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে প্ৰিয়ংকা বৈশ্য, বিশাল কলিতা আৰু ঋতৃষা শৰ্মাই। প্ৰিয়ংকা বৈশ্যৰ ভিডিঅ’ পৰিচালনাৰে গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে Rumanthan Films য়ে। সম্পাদনা আৰু কালাৰৰ দায়িত্বত আছে ময়ূৰাজ বৰা। সময়ে সময়ে একোটিকৈ গীতৰ কভাৰ প্ৰস্তুতেৰে শ্ৰোতা-দৰ্শকৰ হৃদয় জিনা কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ ব্যক্তিগত ইউটিউব চেনেলটোতেই সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়ে লাভ কৰিছে মুক্তি।

আহিবলগীয়া সময়ত বহুকেইটা আন গীতৰ পৰিকল্পনাৰ সৈতেও ব্যস্ত কন্ঠশিল্পী গৰাকী। তেওঁৰ আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বাবে তেওঁলৈ যাঁচিছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।
Add comment