Rupaliparda.com
অসমীয়া গল্প তথা অসমীয়া পৰিচালকৰ পৰিচালনাত অভিনীত এইবাৰ বলীউডৰ ৰজত কাপুৰঃ 1

অসমীয়া গল্প তথা অসমীয়া পৰিচালকৰ পৰিচালনাত অভিনীত এইবাৰ বলীউডৰ ৰজত কাপুৰঃ

গল্প, উপন্যাস আদি বোৰৰ সৈতে অসমীয়া ছবি সমূহৰ এক বহুদিনীয়া সম্পৰ্ক আছে। বহু উপন্যাস আৰু বহুকেইটা গল্পক ইতিমধ্যে ছবিক্ষেত্ৰলৈ লৈ আনি কাহিনীভাগৰ এক যথোপযুক্ত উপস্থাপন কৰাৰ চেষ্টা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ বলীউড ক্ষেত্ৰখনৰ ভিন্ন জন সুদক্ষ তথা জনপ্ৰিয় তাৰকাইও অসমীয়া ছবিৰ প্ৰশংসা কৰাও আমি দেখিবলৈ পাইছো অথবা সংবাদ পত্ৰ যোগে পঢ়িছো কিন্তু এইবাৰ ঘটা ঘটনাটো কিছু অইনতকৈ ব্যতিক্ৰম। শেহতীয়াকৈ এক অসমীয়া গল্পই ধ্যান আকৰ্ষণ কৰিছে বলীউডৰ খ্যাতিসম্পন্ন অভিনেতা ৰজত কাপুৰৰ; অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে তথা জনপ্ৰিয় পৰিচালক মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত এখন ছবিক লৈ বৰ্তমান চচিয়েল মিডিয়াৰ লগতে সৰ্বত্ৰে চলিছে চৰ্চা। “অনু’ৰ Eyes on the Sunshine” শীৰ্ষক এই অসমীয়া ছবিখনত অভিনয় কৰিছে মায়ানগৰীৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰে। শিৱম ক্ৰিয়েচনৰ বেনাৰত ছবিখন প্ৰযোজনাৰ দায়িত্বত আছে ডাঃ গোপেন্দ্ৰ মোহন দাস। শ্বুটিং চিড্যুলত ব্যস্ত হৈ থকা এই ছবিখনে আহিবলগীয়া সময়ত মুক্তি লাভ কৰা কথাটো জানিবলৈ পাইয়ে আচলতে উৎসাহী হৈ পৰিছে প্ৰতিজন চলচিত্ৰ প্ৰেমী দৰ্শক। এখন সংবেদনশীল চিত্ৰনাট্যৰে আগবঢ়া এই ছবিখনৰ ক্ষেত্ৰত আন এক উল্লেখনীয় বিষয় এয়াও যে উক্ত ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুদায়িত্ব পালন কৰিছে বলীউডত প্ৰতিষ্ঠ কেইবাগৰাকীও শিল্পী, কলা-কুশলীয়ে।

অসমীয়া গল্প তথা অসমীয়া পৰিচালকৰ পৰিচালনাত অভিনীত এইবাৰ বলীউডৰ ৰজত কাপুৰঃ 2


এটা পৰিয়ালে সততে সন্মুখীন হোৱা সমস্যা আৰু সৰু-ডাঙৰ পৰিস্থিতি সমূহক এক নতুন দৃষ্টিৰে উপস্থাপন কৰা হৈছে এই ছবিখনত। ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে পৰিচালক মঞ্জুল বৰুৱা নিজেই। ছবিখনত ৰজত কাপুৰৰ সৈতে অভিনয় কৰিছে ক্ৰমে , ডাঃ জাহানাৰা বেগম, বলোৰাম দাস, উদয়ণ দুৱৰা, বিভূতি ভূষণ হাজিৰকা, ডাঃ জয়ন্ত দাস, অমূল্য কাকতি, ৰাজশ্ৰী শৰ্মা, মানস দাস, বিদ্যা ভাৰতী, ৰয়ন্তী ৰাভা, ঋতুপণ চৌধুৰী, শ্ৰুতিমালা শইকীয়া, অঞ্জনাভ ৰাজেখাৱা, দিবাকৰ ৰাভা, ময়ুৰ গোপেন্দ্ৰ দাস,
দ্ৰুপদ দাস, নন্দিতা ডেকা, শ্যামিলমা দাস, মিতু কাশ্যপ, কুল-কুলদ্বীপ আৰু কনমাণি আখ্যা জে কাশ্যপে। সুমন দুৱৰাৰ চিত্ৰগ্ৰহণেৰে ছবিখনৰ সংগীতৰ দায়িত্বত আছে তৰালী শৰ্মা; চাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতম লগতে সাজ-সজ্জা গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগীৰ। সহকাৰী পৰিচালক হৈছে ক্ৰমে ৰোনাল্ড হুচেইন আৰু সমৰজ্যোতি সৰকাৰ আনহাতে পৰিচালকৰ সহাকাৰী আৰু চিত্ৰনাট্য পৰিদৰ্শকৰ দায়িত্বত আছে অন্বেষা কটকী; মূখ্য সহকাৰী পৰিচালক ঘনশ্যাম কলিতা।

অসমীয়া গল্প তথা অসমীয়া পৰিচালকৰ পৰিচালনাত অভিনীত এইবাৰ বলীউডৰ ৰজত কাপুৰঃ 3


ছবিখনৰ শব্দগ্ৰহণ দেৱজিৎ গায়নৰ আৰু ৰি-ৰেকৰ্ডিং কৰিছে দেৱজিৎ চাংমাইয়ে। সম্পাদনা টুৱেনচাঙৰ লগতে কলা নিৰ্দেশনা পনজিৎ চাংমাইৰ। ছবিখনক লৈ আগ্ৰহী প্ৰত্যেকেই বৰ্তমান “অনু’ৰ Eyes on the Sunshine” ৰ মুক্তিৰ অপেক্ষা কৰি ৰৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform