Rupaliparda.com
ছলমান খান কোনখন ছবি জিনাত আমানৰ বাবে আছিল শিশুসুলভ! 1

ছলমান খান কোনখন ছবি জিনাত আমানৰ বাবে আছিল শিশুসুলভ!

ইয়াত কোনো ধৰণৰ সন্দেহ নাই যে ছলমান খান বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় তাৰকা আৰু তেওঁৰ প্ৰত্যেকখন ছবিয়ে ছবিগৃহত হিট লিষ্টত সোমাই পৰে কিন্তু অভিনেতা গৰাকীয়ে প্ৰথমাৱস্থাত কোনো এখন ছবি গ্ৰহণ কৰা পূৰ্বে বহু সময় চিন্তা চৰ্চা কৰিছিল। “বিবি হো তৌ এসী” শীৰ্ষক ছবিৰে নিজ কেৰিয়াৰ আৰম্ভ কৰা ছলমান খানে এই ছবিখনত এটি সৰু চৰিত্ৰহে ৰূপায়ন কৰিছিল; যিটোক লৈ আচলতে তেওঁয়ো সুখী নাছিল। সেইবাবেই পিছলৈ তেওঁ ছবি এখন গ্ৰহণ কৰিবলৈ ভাবিব লগাত পৰিছিল; তেওঁৰ দ্বিতীয় খন ছবি আছিল “মেইনে প্যাৰ ক্যা”। সুৰজ বড়জাত্যায়াই ছবিখনত ছলমানক লোৱাৰ পূৰ্বে তেওঁৰ লুক টেষ্ট কৰোৱাইছিল আৰু পিছলৈ তেওঁকেই গ্ৰহণ কৰি পেলাইছিল; কিন্তু ছলমানে সেই সময়ত পৰিচালকগৰাকীক তেওঁক নল’বলৈ কৈছিল যদিও পৰিচালক সুৰজ স্থিতপ্ৰজ্ঞ আছিল। “মেইনে প্যাৰ ক্যা” ক মুক্তিৰ পূৰ্বে বলীউডৰ বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সমুখত স্পেচিয়েল স্ক্ৰীণিং কৰোৱা হৈছিল।

ছলমান খান কোনখন ছবি জিনাত আমানৰ বাবে আছিল শিশুসুলভ! 2
ছলমান খান কোনখন ছবি জিনাত আমানৰ বাবে আছিল শিশুসুলভ! 3


তাৰ মাজত উপস্থিত আছিল জিনাত আমান। কিন্তু অভিনেত্ৰী গৰাকীয়ে ছবিখন অসম্পূৰ্ণ কৰিয়েই উঠি গৈছিল আৰু যেতিয়া ছলমানে তেওঁক সুধিছিল যে ছবিখন কেনে হৈছে? তেতিয়া তেওঁ কৈছিল যে, “এইখন শিশুসুলভ ছবি, য’ত নায়ক নায়িকাৰ ভৰিত মলম লগাওঁতেই চকু মুদি দিয়ে।” জিনাত আমানৰ এই মন্তব্যৰ পিছতো কিন্তু ছবিখন জনপ্ৰিয় হৈ পৰিছিল ছবিগৃহত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform