Rupaliparda.com
তেজপুৰত শ্বুটিং দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰঃ 1

তেজপুৰত শ্বুটিং দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰঃ

“ক’তেনো নিঁয়ৰ সৰে” ৰ শীৰ্ষক গীতটিৰ তেজপুৰত আৰম্ভ হৈছে শ্বুটিং; শ্বুটিং আৰম্ভণিৰে পৰাই অভিনেত্ৰী উপাসনা প্ৰিয়মক এবাৰ লগ পাবলৈ উৎসাহিত হৈ পৰে তেওঁৰ অনুৰাগী। দেৱৰাজ বৰাৰ কন্ঠৰে আহিবলগীয়া এই গীতটিত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক; গীতটিয়ে মুক্তিৰ পূৰ্বেই লাভ কৰিছে জনপ্ৰিয়তা। দেৱৰাজ বৰাৰ কন্ঠৰে ইতিমধ্যে মুক্তিপ্ৰাপ্ত দুয়োটা গীতৰ সমান্তৰালকৈ শেহতীয়াকৈ নিৰ্মিত এই গীতটিয়ে চৰ্চা লাভ কৰিছে কেওঁদিশে। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সংগীত প্ৰযোজনা কৰিছে মৃন্ময় শৰ্মাই। ২০১৯ ৰ পৰা এই ক্ষেত্ৰখনৰ সৈতে জড়িত এই কন্ঠশিল্পী গৰাকীৰ আহিবলগীয়া গীতটিৰ শ্বুটিং সময়ছোৱাৰ কেইখনমান ফটো চাওঁচোন আহকঃ

তেজপুৰত শ্বুটিং দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰঃ 2
তেজপুৰত শ্বুটিং দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰঃ 3
তেজপুৰত শ্বুটিং দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰঃ 4
PICTURE SOURCE: Sumanta Das | Tezpur Buzz


সংগীত ক্ষেত্ৰখনক লৈ গভীৰ ইচ্ছা তথা হেঁপাহ বুকুত বান্ধি লোৱা দেৱৰাজ বৰাৰ “ক’তেনো নিঁয়ৰ সৰে” ক লৈ বৰ্তমান আগ্ৰহী হৈ পৰিছে শ্ৰোতা-দৰ্শকো। কলাত্নক উপস্থাপন আৰু তেওঁৰ কন্ঠৰ যাদুয়ে গীতটিক যে আৰু অধিক গ্ৰহণযোগ্য যে কৰি তুলিব সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। বৰ্তমানলৈ মুক্তিৰ তাৰিখ সমুখলৈ অহা নাই এই গীতটিৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.