ক’ভিডৰ পিছত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া ছবি “মিডনাইট চং” ৰ মুকলিৰ আজি সপ্তমটো দিন; যদিও ছবিগৃহত বৰ্তমানেও অধিকাংশ দৰ্শকৰ গোম-গোমনি শুনিবলৈ পোৱা নগ’ল তথাপিও দৰ্শকৰ ফালৰ পৰা পোৱা ছবিখনৰ সঁহাৰিক নুই কৰিব পৰা নাযায়। ক’ভিডৰ পিছত ছবিখনে সাহসেৰে মুক্তিৰ দিশে আগবাঢ়ি অহা কথাটোৱে আচলতে উল্লেখনীয়; “মিডনাইট চং” ৰ অভিনয়ৰ দিশটো ছবিখনৰ ক্ষেত্ৰত এক পৰিপক্ক দিশ বুলি প্ৰতিজন ছবি উপভোগ কাৰীয়ে প্ৰকাশ কৰিছে। তিনিটা মূল চৰিত্ৰক লৈ অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত ৯৪ মিনিট দৈৰ্ঘ্যৰ “মিডনাইট চং” ত এটা ৰাতিৰ পৰা আৰম্ভ হোৱা কাহিনীক ৰাতিপুৱালৈ সামৰি সেই সময়ছোৱাত সংঘটিত ঘটনা-পৰিঘটনাকে কৰা হৈছে উপস্থাপন। ঠুনুকা সম্পৰ্কবোৰ যেতিয়া কঠোৰ ভাৱে ধৰি ৰখা হয় তেতিয়া সি আৰু ভাঙি যাবলৈ সুবিধা লাভ কৰে; ই এনেদৰে ভাঙে যে পিছলৈ তাক আকৌ এবাৰ সামৰি লোৱাটো অসম্ভৱ হৈ পৰে। আচলতে, তেনেই এক কাহিনীৰ প্ৰতিচ্ছবি হৈছে “মিডনাইট চং”; ছবিখনৰ দুই এটা সংলাপৰ বাহিৰে ইয়াৰ কাহিনীয়ে যে দৰ্শকৰ ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেয়া একাষাৰে ক’ব পৰা যায়।


অৰৱিন্দ য়াদৱৰ দৃশ্যগ্ৰহণ আৰু অসম সন্তান দেৱজিৎ চাংমাইয়ে ছবিখনত দেখুওৱা নিজ প্ৰতিভা সমূহ সঁচাকৈ উল্লেখনীয়। নিজ নিজ প্ৰতিভাৰ ক্ষেত্ৰখনত দুয়োগৰাকী ব্যক্তিৰ দক্ষতা মনকৰিবলগীয়া। একেবাৰে সহজ কাহিনীৰ সৈতে ৰন্টু চেতিয়াৰ সম্পাদনাৰো প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰি। ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ আন এগৰাকী মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অম্বৰ দাসৰ; ছবিখনৰ কাৰিকৰী দিশটো খুবেই সবল তথা মজবুত আছিল। সঞ্জীৱ গিৰিৱৰৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা অপৰাজিতা ভূঞা আৰু সহঃপ্ৰযোজনা মধুমিতা ভূঞাৰ। ক’ভিডৰ পিছত চিনেমাহ’লত মুক্তিপ্ৰাপ্ত ছবি “মিডনাইট চং” য়ে অসমীয়া ছবি ক্ষেত্ৰখনত সাহস যুগুতোৱাবলৈ সক্ষম হৈছে।

তেওঁলোকৰ পদক্ষেপ তথা সাহসে আকৌ আন এখন অসমীয়া ছবিক ছবিগৃহত মুকলি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পৰিচালক গোষ্ঠীয়ে।
Add comment