Rupaliparda.com
ভবা নাছিলো যে কেতিয়াবালৈ এই সংগীত ক্ষেত্ৰখনত মই নিজকে দেখিম বুলি"- শ্ৰদ্ধাংশু বৰুৱা 1

ভবা নাছিলো যে কেতিয়াবালৈ এই সংগীত ক্ষেত্ৰখনত মই নিজকে দেখিম বুলি”- শ্ৰদ্ধাংশু বৰুৱা

আমি কেতিয়াবা এনে কিছু বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ যিবোৰৰ বিষয়ে হয়টো আমি কেতিয়াও দৃঢ়ভাৱে ভবা নাছিলো কিন্তু পিছলৈ সেই নিৰ্দ্দিষ্ট বিষয়টোৰ প্ৰতি আমি পিছলৈ ইমানই বেছি টান অনুভৱ কৰো যে সেই বিষয়টোক এৰি চলাটো অসম্ভৱ হৈ পৰে। সংগীত ক্ষেত্ৰখনত এনে বহু প্ৰতিভাৰ জন্ম হৈছে যিয়ে হয়টো সৰুতে তেওঁলোকৰ ইচ্ছা আৰু নিষ্ঠাটো কোনোবা অইন এখন ক্ষেত্ৰৰ সৈতে গুঁঠি লৈছিলে কিন্তু পিছলৈ যেতিয়া তেওঁলোকৰ ধীৰে ধীৰে সুপ্ত প্ৰতিভা সমূহৰ বিকাশ হ’বলৈ লয় তেতিয়াই ফুটি উঠে তেওঁলোকৰ অৱশ্যে ভৱিষ্যত ক’ত! ৰূপালীপৰ্দাত আচলতে এনে বহু নৱপ্ৰজন্মৰ কথা লিখিছো যিগৰাকীয়ে প্ৰথমৰ পৰা সংগীতক লৈ ডাঙৰ হৈছিল যদিও এগৰাকী কন্ঠশিল্পী হোৱাৰ হয়টো কল্পনা কৰা নাছিল। আমি আজি এনে এগৰাকী কন্ঠশিল্পীৰেই কথা আপোনালোকৰ ওচৰত ক’বলৈ ওলাইছো; তেওঁৰ নাম হৈছে শ্ৰদ্ধাংশু বৰুৱা। “যৌৱন জিলা” শীৰ্ষক গীতটিৰ জৰিয়তে শ্ৰোতা-দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা শ্ৰদ্ধাংশুৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে, “সৰুৰ পৰাই গান শুনি অথবা গান গুণগুণাই ভাল পাইছিলো। স্কুল-কলেজত পঢ়ি থকা অৱস্থাতো বহুখিনি সংগীত প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলো। আচলতে, তেতিয়া ভবা নাছিলো যে কেতিয়াবালৈ এই সংগীত ক্ষেত্ৰখনত মই নিজকে দেখিম বুলি। প্ৰথমাৱস্থাত মই হিন্দী গীতৰ কভাৰত কন্ঠদান কৰি ৰাইজৰ মাজত উলিয়াই দিয়াৰ চেষ্টা কৰিছিলো। কভাৰ সমূহৰ দ্বাৰা কিমানদূৰ সফল হৈছিলো নাজানো বাৰু তথাপিও নিজক প্ৰত্যেকটো দিনত আগলৈ লৈ যোৱাৰ চেষ্টা কৰিছিলো।”

ভবা নাছিলো যে কেতিয়াবালৈ এই সংগীত ক্ষেত্ৰখনত মই নিজকে দেখিম বুলি"- শ্ৰদ্ধাংশু বৰুৱা 2
ভবা নাছিলো যে কেতিয়াবালৈ এই সংগীত ক্ষেত্ৰখনত মই নিজকে দেখিম বুলি"- শ্ৰদ্ধাংশু বৰুৱা 3


আগলৈ তেওঁ কয় যে, “মোৰ এগৰাকী বা আছিল প্ৰিয়াংগী বৰুৱা; তেওঁৰ সৈতেই গীতৰ পৰিকল্পনা কৰি আমি সকলোৰে পৰিচিত জজ দাৰ (পৰাণ বৰকটকী) কাষ চাপিছিলো। তেওঁ মোৰ কন্ঠৰ বা সুৰৰ অকণমান পৰীক্ষা কৰিছিলে; তেনেকৈয়ে মই বিষ্ণুজ্যোতি সন্দিকৈৰ কথা আৰু সুব্ৰত কাকতিৰ পৰিচালনাৰে “সুৰ বিচাৰি” শীৰ্ষক এটি গীতত কন্ঠদান কৰিছিলো। মোৰ সৈতে কন্ঠদান কৰিছিল প্ৰিয়াংগী বাই। ২০১৫ চনৰে পৰা কৰা পৰিকল্পনা কৰা হৈছিল যদিও গীতটিক মুক্তি দিয়া হৈছিল ২০১৮ চনত। ইয়াৰ পিছতেই মই “নিজানৰ বাঁহী”, নাচনী, আৰু নীলিমা শীৰ্ষক তিনিটা গীতত কন্ঠদান কৰিছিলো।” “যৌৱন জিলা” শীৰ্ষক গীতটিয়ে আছিল শ্ৰদ্ধাংশুৰ টাৰ্ণিং পইন্ট; এই বিষয়ত তেওঁ কি ক’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এইটো বিষয়ত আচলতে বহু দীঘলীয়া এটা কাহিনী আছে। মই জজ দাৰ পিছত এই ইণ্ডাষ্ট্ৰীটোত নিজ মূৰটো সোমোৱাবলৈ শিকিহে আছিলো; গুৱাহাটীত কন্ঠশিল্পী হ’ম বুলি নহয় আচলতে মই সংগীত প্ৰযোজনাহে শিকি আছিলো। মই সেইটো সময়ত কাকোৱে চিনি পোৱা নাছিলো; কিন্তু পিছত মই আপোনালোক সকলোৰে চিনাকী জনপ্ৰিয় শোণিত গগৈ আৰু তৰুণ তন্ময়ক লগ পাইছিলো আৰু তেওঁলোকৰ সৈতে এটি গীত কৰাৰ ইচ্ছা ব্যক্ত কৰিছিলো; সঁচা কথা ক’বলৈ গ’লে আমি কম দিনতেই আত্মীয় হৈছিলো ইজনে আনজনৰ। তেতিয়া তেওঁ “যৌৱন জিলা” গীতটিৰ কথা মোক ক’লে আৰু মই বহুত ভাগ্যৱান যে তেওঁলোকে বিশ্বাস কৰি গীতটো মোক গাবলৈ দিলে। সমান্তৰালকৈ, মই শ্ৰোতা-দৰ্শকৰ ইমান সঁহাৰি পাম বুলি সপোনতো ভবা নাছিলো গতিকে ই মোৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্ট আছিল। “যৌৱন জিলা” গীতটিত সুন্দৰকৈ লিখিছে শোণিত গগৈয়ে আৰু ইয়াত সংগীত কৰিছিলে তৰুণ তন্ময় দাই। গীতটিৰ ভিডিঅ’ পৰিকল্পনা আছিল শচীন বৰুৱাৰ।


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “২০২১ বৰ্ষটোত কিছু পৰিকল্পনা আছে, “কিনো হ’ল নাজানো” শীৰ্ষক গীত এটি ৰাইজৰ মাজলৈ আহিব। গীতটি সুনীত গগৈৰ দাৰ কথাৰে ৰচিত লগতে ইয়াত সুৰ আৰু সংগীত দিছে বিজয় শংকৰে। অতিশীঘ্ৰে গীতটিৰ ভিডিঅ’ শ্বুটিং আৰম্ভ হ’ব আৰু ভিডিঅ’ পৰিচালনা কৰিব শচীন বৰুৱাই। লগতে আন কেইবাটাও গীতৰ পৰিকল্পনা কৰি থকা হৈছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.