Rupaliparda.com
নাটক, ধাৰাবাহিক তথা ছবিত বৰ্তমান উজ্বলি থকা ৰূপম চেতিয়াৰ জন্মদিনঃ 1

নাটক, ধাৰাবাহিক তথা ছবিত বৰ্তমান উজ্বলি থকা ৰূপম চেতিয়াৰ জন্মদিনঃ

অসমীয়া চলচিত্ৰ তথা ধাৰাবাহিক লগতে নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী অভিনেতা। মূখ্য চৰিত্ৰয়েই হওঁক অথবা ভিলেইনৰ চৰিত্ৰয়েই হওঁক ; এই দুয়োটাৰ যিকোনো চৰিত্ৰতে নিজক খাপ খুৱাই ল’ব পাৰে এই অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকী হৈছে জাহ্নু বৰুৱা, মঞ্জু বৰা আদি জনপ্ৰিয় পৰিচালকৰ চিনেমাত অভিনীত অভিনেতা ৰূপম চেতিয়া। যোৰহাটস্থিত এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা। প্ৰথমতেই ভাওঁনাত অভিনয় কৰি অভিনয় ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিল অভিনেতা গৰাকী। ইয়াৰ পিছতেই তেওঁ গুৱাহাটীলৈ আহে আৰু “ছিগাল” থিয়েটাৰৰ সৈতে জড়িত হৈ পৰে। জনপ্ৰিয় অভিনেতাৰ তালিকাখনত নিজ নাম সাঙুৰ খুৱাই দিয়া এই গৰাকী অভিনেতাৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

নাটক, ধাৰাবাহিক তথা ছবিত বৰ্তমান উজ্বলি থকা ৰূপম চেতিয়াৰ জন্মদিনঃ 2
নাটক, ধাৰাবাহিক তথা ছবিত বৰ্তমান উজ্বলি থকা ৰূপম চেতিয়াৰ জন্মদিনঃ 3


শেহতীয়াকৈ মুক্তি লাভ কৰা “মিডনাইট চং” ত অভিনেতা গৰাকীক এক বিশেষ আৰু পূৰ্বতকৈ কিছু ভিন্ন চৰিত্ৰ এটিত দেখিবলৈ পোৱা গ’ল। তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰিছে ইতিমধ্যে বহুতেই; আনহাতে, ৰং চেনেলত সম্প্ৰচাৰিত “অস্ত আকাশৰ জোনাক” তো অভিনেতা গৰাকীক বৰ্তমান অনুৰাগীয়ে দেখিবলৈ পাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.