প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহটো আৰু মিহিকৈ মিহিকৈ ফেব্ৰুৱাৰী মাহৰ গাতে লাগি অহা অসমীয়া ফাগুন মাহটোৰ আগমনে সকলোৰে হৃদয়ত প্ৰেমৰ শুকান গীতাৰ বজায়। শুকান হ’লেও এই মাহটোৰ প্ৰতিটো বস্তুৱে যেন সকলোৰে পচন্দৰ। ফেব্ৰুৱাৰী মাহটোৰ এটা নিৰ্দ্দিষ্ট সপ্তাহক লৈ নিজ নিজ প্ৰেমাস্পদক বিভিন্ন প্ৰকাৰে কৰা প্ৰেম নিবেদনে এই মাহটোক লৈ সকলোকে আৰু অধিক উৎসাহিত কৰি ৰাখে। ১৪ ফেব্ৰুৱাৰী, “ভেলেন্টাইন ডে”; যদিও “প্ৰেম” উদযাপন অথবা ইয়াৰ নিবেদন কৰিবলৈ এটা নিৰ্দ্দিষ্ট সপ্তাহ নাই তথাপিও উক্ত দিনটোত প্ৰেমিক দ্বয়ে ইজন-সিজনক বিশেষ অনুভৱ কৰোৱা দেখিবলৈ পোৱা যায়। এইবাৰ এই দিনটো আৰু সুন্দৰকৈ উদযাপন কৰাৰ স্বাৰ্থত আহি আছে দুগৰাকী নৱপ্ৰজন্মৰ যুঁটিৰে এটি প্ৰেমৰ গীত “ভালপাব খোজো আকৌ এবাৰ”। ইতিমধ্যে এওঁলোকৰ যুঁটিৰে “মৌন ওঁঠত” শীৰ্ষক গীতটিয়ে শ্ৰোতাৰ সমুখত বহুল সফলতা লাভ কৰাৰ লগতে লাভ কৰিছিল শ্ৰোতাৰ সমাদৰ। ইয়াৰ উপৰিও প্ৰৱীণ বৰাৰ সুৰেৰে মুক্তিপ্ৰাপ্ত গীত “অধৰে” ৰ সমান্তৰালকৈ সদ্যমুক্তিপ্ৰাপ্ত গীত “কোন হ’ব” ক আপোনালোকৰ ওচৰত হয়টো আকৌ এবাৰ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। আনহাতে, পেছাত এগৰাকী ৰেডিঅ’ৰ কৰ্মকতা পাপলু চেতিয়াৰ কথাৰ সৈতেও পৰিচিত আপোনালোক; কিয়নো তেওঁৰ কথাৰে পূৰ্বতে নিৰ্মিত তথা আহিবলগীয়া সময়ত তেওঁৰ কথাৰে মুক্তিপাবলগীয়া গীতকেইটিক লৈ অনুৰাগী উৎকন্ঠিত।

অহা ১৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া গীত “ভালপাব খোজো আকৌ এবাৰ” ত কন্ঠদান কৰাৰ লগতে সুৰ কৰিছে প্ৰৱীণ বৰাই নিজেই আৰু ইয়াত কথা পাপলু চেতিয়াৰ। আনহাতে, ইয়াত সংগীত কৰিছে মৃদপৱনে (ৰিক); তবলা ৰাজা বৰুৱাৰ আৰু চিতাৰ বজাইছে শুভাংকৰ হাজৰিকাই। লগতে, বাঁহী লক্ষীনন্দন লাহনৰ আৰু গীতটিত শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়া তথা দিগন্ত বৰদলৈয়ে। গ্ৰাফিক্স সাগৰিকা বি ৰিকুৰ লগতে প্ৰযোজনা মৃদুল ৰঞ্জন দাসৰ। “চাকনৈয়া”, স্পৰ্শৰ লগতে “তোৰহে জিৰণি নাই” আদি গীতবোৰৰ কথাৰে ইতিমধ্যে পাপলু চেতিয়াই আপ্লুত কৰিছে শ্ৰোতা-দৰ্শকক।

নৱপ্ৰজন্মৰ প্ৰতিভা আৰু তেওঁলোকৰ বহুল চেষ্টাত বৰ্তমান প্ৰতিজন শ্ৰোতা-দৰ্শক অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা গৈছে। পাপলু চেতিয়া আৰু প্ৰৱীণ বৰাৰ আকৌ এই যুঁটীয়া প্ৰচেষ্টাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment