Rupaliparda.com
প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: 1

প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song:

একোটা সুন্দৰ গীতৰ সৈতে অসমীয়া সংগীত ক্ষেত্ৰখনত নিজৰ এক পৰিচয় দাঙি ধৰা Mystic Production House ৰ বেনাৰত শেহতীয়াকৈ মুক্তি লাভ কৰিলে আন এটি প্ৰেমৰ গীত। অৱশ্যে Valentine’ Day বিশেষ কৰি গীতটিক কৰি দিয়া হৈছিল মুকলি; প্ৰেমৰ কোনো এক নিৰ্দ্দিষ্ট সীমা নাথাকে; সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা একোজনৰ সৈতেও আমি এক প্ৰেমৰ সম্পৰ্ক ৰূপায়ন কৰি যাব পাৰো। অৱশ্যে, প্ৰেম বুলিলেই যে কাৰোবাৰ স্পৰ্শ আৰু সেই বিশেষ ব্যক্তিজন যে নিজৰ কাষতেই থাকিব লাগিব তেনে একো কথা নাই। যেতিয়া নিলগত থাকিও কাৰোবাৰ উপস্থিতিৰ অনুভূতি আমাৰ গাত লাগি থাকে সেই অনুভৱটোৰ আচলতে কথাই সুকীয়া। বিজ্ঞানে অৱশ্যে আমাক এই ক্ষেত্ৰত কিছু সহায় নকৰাকৈও নাই থকা; নিলগত থাকিলেও আপোনজনৰ সৈতে কিছু সময়ৰ কথোপকথন অথবা তেওঁ কি কৰি আছে, কোন ঠাইত আছে আমি তাক চাব পাৰো।শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত Grammy Winning Song য়ো ঠিক এনে এক প্ৰসংগকলৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে।


গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে চমন মিস্ত্ৰী। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু আৰু শব্দ সংমিশ্ৰণ কৰিছে পল্লৱ তালুকদাৰে। আনহাতে, ৰুহুল বৰভূঞাৰ ভিডিঅ’ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সুকন্যা বৰুৱা আৰু ধৃতিৰাজ মোহনে। INSAAN তথা অকলশৰীয়াৰ বহুল জনপ্ৰিয়তাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এলবামটোৰ অন্তৰ্ভূক্ত অন্যতম গীত “নিশা” ৰ সফলতাক আমি নক’লেও বুজিব পাৰো। প্ৰায়ে নতুন নতুন বিষয়বস্তুৰে আগবঢ়া Mystic Production House টোক লৈ প্ৰত্যেকৰে হৃদয়ত দেখিবলৈ পোৱা গৈছে উৎকন্ঠা।

প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: 2


অসমীয়া শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক ঠাই বনাবলৈ সক্ষম হোৱা Mystic Production House ৰ আগন্তুক প্ৰতিটো প্ৰকল্পক লৈ তেওঁলৈ যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform