Rupaliparda.com
"প্ৰেমৰে বেহেলা" শীৰ্ষক নতুন গীতৰ সৈতে অলংকৃতা আৰু ৰূপাংকৃতা কলিতাঃ 1

“প্ৰেমৰে বেহেলা” শীৰ্ষক নতুন গীতৰ সৈতে অলংকৃতা আৰু ৰূপাংকৃতা কলিতাঃ

নতুন বছৰত এটি নতুন গীতৰ সৈতে ৰাইজৰ কাষ চাপিছে ওৱণ্ডাৰ চিষ্টাৰচ খ্যাত অলংকৃতা আৰু ৰূপাংকৃতা কলিতা। “প্ৰেমৰে বেহেলা” শীৰ্ষক এটি নতুন গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আকৌ এবাৰ আহিবলৈ সক্ষম হৈছে উক্ত ভগ্নীৰ যুঁটিটো। গীতটিত কথা আৰু সুৰ ৰমেন দানাহৰ লগতে সংগীত বিজয় শংকৰৰ। আনহাতে শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। ৰূপাংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকা গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ। এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে।

"প্ৰেমৰে বেহেলা" শীৰ্ষক নতুন গীতৰ সৈতে অলংকৃতা আৰু ৰূপাংকৃতা কলিতাঃ 2


তেওঁলোকৰ প্ৰতিটো মুক্তিপ্ৰাপ্ত গীতেই আচলতে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উদাহৰণ তেওঁলোকৰ গীত “চেৰেক চেৰেক” অথবা “বাবৰি বাবৰি” ৰ পৰাই পাব পৰা যায়। অনুৰাগীক আকৰ্ষণ কৰি তোলাৰ বাবে এওঁলোকে প্ৰায় একোটা গীতৰ কভাৰ প্ৰস্তুত কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.