Rupaliparda.com
"Niri9" ৰ আন এক পৰিকল্পনাঃ চুটি ছবি প্ৰতিযোগিতাৰে নৱপ্ৰজন্মক প্লেটফৰ্মৰ যোগান- 1

“Niri9” ৰ আন এক পৰিকল্পনাঃ চুটি ছবি প্ৰতিযোগিতাৰে নৱপ্ৰজন্মক প্লেটফৰ্মৰ যোগান-

২০২১ ৰ আৰম্ভণিৰ লগতেই যেন আৰম্ভ হৈছে কিছু নতুন কাম তথা প্ৰকল্প। কেৱল মাত্ৰ মনোৰঞ্জন দিশটোৱেই নহয়; কেওঁদিশে চলি থকা কামৰ ব্যস্ততাই একোজন জনসাধাৰণৰ বাবে এইবৰ্ষটোৱে যে কিছু সুখময় বাৰ্তা কঢ়িয়াইছে তাকেই প্ৰতিফলিত কৰা হৈছে। শেহতীয়াকৈ অৰ্থাৎ চলিত বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা “Niri9” ত আমি দেখিবলৈ পাইছো বহু নতুন প্ৰকল্প। “Illegal” ৱেব চিৰিজখনৰ কেৱল মাত্ৰ দুটা খণ্ডতেই লগা হৈ-চৈৰ সৈতেও আমি ইতিমধ্যে অৱগত হৈছো। কিন্তু, এইবাৰ উক্ত ডিজিটেল প্লেটফৰ্মটোৱে আৰম্ভ কৰিছে কিছু বেলেগ পৰিকল্পনা; আচলতে, এফালৰ পৰা নৱপ্ৰজন্ম লগতে সুদক্ষ একাংশ প্ৰতিভাৱান পৰিচালকৰ বাবে প্লেটফৰ্মটোৱে আয়োজন কৰিছে এখন চুটি ছবি প্ৰতিযোগিতা। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো। গতিকে, এনে নৱপ্ৰজন্মৰ পৰিচালকৰ বাবেই এয়া হৈছে এক সোণালী সুযোগ।


মাত্ৰ ৫০০ টকাৰ এক ক্ষুদ্ৰ মাননীৰ সৈতে নিজ নিজ চুটি ছবিসমূহ পৰিচালক সমূহে প্ৰেৰণ কৰিব পাৰিব; চলিত বৰ্ষৰ ৩০ মাৰ্চলৈ চুটিৰ ছবিসমূহ প্ৰেৰণ কৰিব পাৰিব আৰু এই প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে বিজয়ীৰ নাম ঘোষণা কৰা হ’ব ১২ এপ্ৰিল তাৰিখে। মুঠ ৬ টা শাখাত বিজয়ী হোৱাৰ সুবিধা লাভ কৰিব প্ৰতিযোগীসকল। চুটি ছবিসমূহ ১২ মিনিট দৈৰ্ঘ্যৰ হোৱাৰ লগতে চেঞ্চৰ বোৰ্ডৰ অনুমোদন চুটি ছবি সমূহৰ সৈতে নাথাকিলেও ই গ্ৰহণযোগ্য হ’ব। এইখিনিতে উল্লেখ্য যে, চুটি ছবিসমূহ পৰিচালকৰ সুবিধাৰ্থে নিৰ্দ্দিষ্ট কোনো বিষয়বস্তুৰে নিৰ্মিত হ’ব লাগিব বুলি কোৱা হোৱা নাই; ৰোমান্টিকৰ পৰা আৰম্ভ কৰি বিজ্ঞানভিত্তিক চুটি ছবি এখনেও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। নৱপ্ৰজন্মক নিজ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন প্লেটফৰ্ম দিয়াৰ স্বাৰ্থত আয়োজন কৰা হৈছে এই চুটি ছবি প্ৰতিযোগিতা। অৱশ্যে, বিগত বৰ্ষত হোৱা লক-ডাউনৰ ফলত আমি কেইবাখনো সুন্দৰ চুটি ছবিৰ উপভোগ কৰাৰ সমান্তৰালকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰত চুটি ছবিৰ এক ঢৌৰ সৃষ্টি হোৱাও আমি দেখিছিলো। গতিকে, এনেক্ষেত্ৰত “Niri9” ৰ প্ৰচেষ্টা সঁচাকৈ লেখতল’বলগীয়া।

"Niri9" ৰ আন এক পৰিকল্পনাঃ চুটি ছবি প্ৰতিযোগিতাৰে নৱপ্ৰজন্মক প্লেটফৰ্মৰ যোগান- 2


প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলে প্ৰাইজমনী (মাননী) হিচাপে সৰ্বমুঠ ২ লাখ টকা লাভ কৰাৰ লগতে তেওঁৰ চুটি ছবিখন উপলদ্ধ হ’ব উক্ত এপটোত। “Niri9” ৰ এই প্ৰচেষ্টা আৰু প্ৰয়াসক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform