Rupaliparda.com
ফাগুনৰ উন্মাদনাৰ সৈতে আচুৰ্য্য বৰপাত্ৰৰ একোটা গীতৰ মুক্তিঃ 1

ফাগুনৰ উন্মাদনাৰ সৈতে আচুৰ্য্য বৰপাত্ৰৰ একোটা গীতৰ মুক্তিঃ

ফাগুনৰ আৰম্ভণিৰ সমান্তৰালকৈ আৰম্ভ হৈছে যেন এক উৎসৱ। প্ৰত্যেকদিনাই একোটাকৈ ফাগুনৰ গীতৰ সোঁৱাদ লৈছে শ্ৰোতা-দৰ্শকে। ফাগুন বুলি ক’লেই আচলতে দেখিবলৈ পোৱা যায় কবিৰ হৃদয়ৰ উন্মাদনা লগতে কন্ঠশিল্পী সমূহৰ সুললিত কন্ঠৰে নিগৰি অহা একোটা গীত। অৱশ্যে কেৱল এজন কন্ঠশিল্পী অথবা এগৰাকী কবিয়েই ফাগুনৰ প্ৰেমত নপৰে; শুকান হৃদয়ৰ তাঁৰত বজা গীতাৰে প্ৰত্যেককে উৎসাহিত কৰি তুলিবলৈ সক্ষম হয়। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই ফাগুনক উদ্দেশ্যি মুকলি কৰি দিছে কেইবাটাও গীত। একোখনকৈ মুকলি অনুষ্ঠানৰ আয়োজন কৰি অনুৰাগীৰ সৈতে যোৱা ১২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেওঁ প্ৰতিদিনাই একোটাকৈ ফাগুনৰ গীতৰ মুকলি কৰিছে। “ফাগুন এজাক সুৰীয়া বতাহ” এলবামটোৰ প্ৰতিটো গীতক তেওঁ কটন বিশ্ববিদ্যালয়, নেহৰু পাৰ্ক অথবা চান্দমাৰী U Turn ৰ ওচৰতেই বহি ৰাজহুৱাকৈ মুকলি কৰি দিছে। কন্ঠশিল্পী গৰাকীৰ এই প্ৰয়াসত তেওঁৰ সৈতে লগ দিছে তেওঁৰ অনুৰাগীৰ সৈতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত আন কেইবাগৰাকীও শিল্পী, কলা-কুশলীয়ে।


গোটেই “ফাগুন” মাহটোকেই উদযাপন কৰাৰ প্ৰয়াস কৰিছে আচুৰ্য্য বৰপাত্ৰই। #letscelebratefagun শীৰ্ষক হেছটেগৰ জৰিয়তে চচিয়েল মিডিয়াতো কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই চলাইছে প্ৰচাৰ; এগৰাকী ডাকোৱালক পঠিয়াই তেওঁ জনসাধাৰণক দিছিলে ফাগুনৰ বাৰ্তা। ফাগুন বুলি ক’লেই ৰঙা পলাশৰ ৰঙাবোৰ উলমি থাকে সকলোতে; তাতেই আকৌ আচুৰ্য্য বৰপাত্ৰৰ একোটা সুমধুৰ গীতৰ মুক্তি। এইবাৰৰ ফাগুন মাহটোক লৈ কন্ঠশিল্পী গৰাকীয়ে কৰা এই প্ৰয়াসক লৈ শেহতীয়াকৈ উৎসাহিত জনসাধাৰণো। প্ৰতিটো গীতৰ দৰে আচুৰ্য্য বৰপাত্ৰৰ ফাগুনক উদ্দেশ্যি নিৰ্মিত গীততো অংকুৰিত হৈছে সফলতা। “দূৰণিবটীয়া চিঠি”, “ৰ’দে অঁকা বাটে” লগতে “আকৌ মৰম আহিবনে” শীৰ্ষক তিনিটা গীতৰ মুক্তিৰ পিছত আৰু আন কেইটা গীতে কেনেদৰে জনসাধাৰণক টানিব সেয়া হৈছে লক্ষণীয়।

ফাগুনৰ উন্মাদনাৰ সৈতে আচুৰ্য্য বৰপাত্ৰৰ একোটা গীতৰ মুক্তিঃ 2


আচুৰ্য্য বৰপাত্ৰৰ “ফাগুন” উদযাপনৰ প্ৰয়াসে এইবাৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform