Rupaliparda.com
অসমীয়া চলচিত্ৰৰ বিখ্যাত তথা জনপ্ৰিয় তাৰকা বিজু ফুকনৰ জন্মদিনঃ 1

অসমীয়া চলচিত্ৰৰ বিখ্যাত তথা জনপ্ৰিয় তাৰকা বিজু ফুকনৰ জন্মদিনঃ

অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। অভিনেতাগৰাকীক নতুনকৈ চিনাকী কৰি দিয়া হয়টো প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় অভিনেতা বিজু ফুকন।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 2


বিজু ফুকনে ব্যৱসায়িক ছবিৰ লগতে সমান্তৰাল চিনেমাতো অভিনয় কৰিছিল। জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ কেইবাখনো চিনেমাত অভিনয় কৰাৰ লগতে তেওঁ থিয়েটাৰৰ পৰাও আঁতৰি থকা নাছিল। সমান্তৰালকৈ, অসমীয়া চিনেমাত নিজৰ নাম উজ্বলোৱাৰ লগতে বাংলা ভাষাৰ ৪ খন চিনেমাতো তেওঁ নিজৰ অভিনয় প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 3


অভিনেতা বিজু ফুকনৰ দ্বাৰা পৰিচালিত ছবি “ভাই-ভাই”-য়ে মুক্তি লাভ কৰিছিল যদিও তেওঁৰ শিশু চলচিত্ৰ “অতিক্ৰম” -এ বৰ্তমানেও মুক্তি লাভ কৰা নাই। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কেইবাখনো ধাৰাবাহিক আৰু টেলিনাটকতো অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে, অভিনেতা গৰাকীয়ে অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা কোনোদিন পিছ হুহুকা নাছিল। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ বিফল হৈছিল।

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ 4

২০১৭ চনৰ ২২ নৱেম্বৰত এই গৰাকী মহান অভিনেতাই ইহলীলা সম্বৰণ কৰে

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform