Rupaliparda.com
কন্ঠশিল্পী বাবু বৰুৱাৰ মহানুভৱতাঃ 1

কন্ঠশিল্পী বাবু বৰুৱাৰ মহানুভৱতাঃ

কন্ঠশিল্পী বাবু বৰুৱাৰ মহানুভৱতা; If Possible Save a Life নামে এক পন্থা হাতত লোৱা এইগৰাকী কন্ঠশিল্পীয়ে শেহতীয়াকৈ আন এগৰাকী অভিভাৱকহীন নিৰীহ লোকক সহায় আগবঢ়ায়। তেওঁ আৰু তেওঁৰ এটা দলে বিগত দিনৰ পৰাই উক্ত কাৰ্যসূচীৰ অধীনত কাম কৰি আহিছে। গাঁৱৰ চূকে-কোণে থকা পৰিয়াল সমূহে যিসমূহ লাগতিয়াল ঔষধ যোগান ধৰিব নোৱাৰে অথবা তেওঁলোকৰ তাত যিসমূহ ঔষধি দ্ৰৱ্যৰ পোৱা নাযায় সেইসমূহ যোগানৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিছিল কন্ঠশিল্পী বাবুয়ে। “If possible Save A Life” শীৰ্ষক বাবুৰ এই কাৰ্যসূচীক জুবিন গাৰ্গেও জনাইছিল সঁহাৰি। ১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে।


তেওঁ শেহতীয়াকৈ প্ৰাণ বচোৱা লোক গৰাকীক GMCH ত ভৰ্তি কৰোৱাই তেওঁৰ চিকিৎসা আৰম্ভ কৰিছে। চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে লিখে যে, “কালিৰ এটি ঘটনা। গুৱাহাটীৰ ধীৰেনপাৰাত কৃষ্ণ দাস(অভিভাৱকবিহীন) নামৰ মানুহ এজন বহুদিন ধৰি ৰাস্তাতেই বসবাস কৰি আহিছে। মানুহজন থকা খোৱা শোৱা আৰু বহু সমস্যাৰে জৰ্জৰিত। তদুপৰি তেওঁ অচিন ৰোগত আক্ৰান্ত । যোৱাকালি মই আৰু মোৰ দলে আমাৰ প্ৰচেষ্টা #its_possible_save_life জৰিয়তে কৃষ্ণ দাস নামৰ ৰুগীয়া মানুহজনক উন্নতমানৰ চিকিৎসাৰ বাবে তৎক্ষনাত গুৱাহাটী মেডিকেল কলেজ হস্পিতেল(GMCH)ত ভৰ্তি কৰাও। এইক্ষেত্ৰত ধন্যবাদ জনাইছো GMCH কৰ্তৃপক্ষ লগতে ভঙাঘৰ আৰক্ষী কৰ্তৃপক্ষক মোক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে।বৰ্তমান তেওঁক GMCH ৰ দ্বিতীয় মহলাত ৰখা হৈছে।হস্পিতাল কৰ্তৃপক্ষই NGO ৰ সহায় সহযোগিতা বিচাৰিছে।ৰাইজে যোনে যেনেকৈ পাৰে সহায় কৰিব বুলি আশা কৰিলোঁ”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform