Rupaliparda.com
"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 1

“চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে”- মিনাংক ডেকা (মাইম)

মূকাভিনয় দিশটোক আৰু অধিক বিস্তৃতভাৱে দাঙি ধৰাত অধিক সক্ৰিয় হৈ থকা এটা নাম হৈছে মিনাংক ডেকা। আপোনালোকে নিশ্চয় এই নামটো শুনিছে; জনপ্ৰিয় মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত থাকি বৰ্তমান নতুন পৰিকল্পনা আৰু প্ৰকল্পৰ সৈতে আগবাঢ়ি অহা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ আছে অনুৰাগীৰ এটা দীঘলীয়া শাৰী; ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত মিনাংক ডেকাই শেহতীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। এইগৰাকী প্ৰতিভাৰ সৈতেই ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি পাতিছিলো কিছু কথা; প্ৰথমতে, মিনাংক ডেকাৰ পৰা এগৰাকী ‘শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এটা বাক্যত এই শব্দটোৰ সংজ্ঞা দিয়াতো কঠিন; “শিল্পী” বুলি ক’লেই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা ,ভূপেন হাজৰিকা দেৱৰ দৰে ব্যক্তিৰ কথা মনলৈ আহে। গতিকে, “শিল্পী” ৰ সংজ্ঞা কিমান উচ্চ হ’ব সেয়া নিশ্চয় অনুমেয়। মানুহক কিমান চুই যোৱাকৈ কিমান সাধনাৰে লগতে সমাজত ইতিবাচক ৰূপত কিমান প্ৰভাৱ পেলাব পৰাকৈ কাম কৰিছে তাৰ ওপৰতো “শিল্পী” ৰ সংজ্ঞা নিৰ্ভৰ কৰে বুলি মই ভাবো। লগতে, কয় থওঁ যে কেৱল গান গালেই, অভিনয় কৰিলেই শিল্পী নহয়।” মূকাভিনয়ে প্ৰতি এতিয়া আগতকৈ অধিক শিশুক আকৰ্ষণ হোৱা দেখা গৈছে; এনেক্ষেত্ৰত মিনাংক ডেকাৰ পদক্ষেপ কেনেধৰণৰ বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 2


“আগতকৈ এতিয়া মূকাভিনয়ৰ প্ৰতি যথেষ্ট সংখ্যক শিশু আগ্ৰহী হৈ পৰিছে; মূকাভিনয়ক যিমান পাৰোঁ সিমান শিশুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। শিশুৰ শাৰীৰিক মানসিক বিকাশত মূকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাবে আগবাঢ়িব চেষ্টা কৰিছো। মূকাভিনয়ৰ বিষয়ে পঢ়িবলৈ বা তথ্য লাভ কৰিবলৈ লিখিত একো নাই বাবে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় মূকাভিনয়ৰ পত্ৰিকা নির্বাক প্ৰস্তুত কৰিছোঁ; শিশুৰ পৰা জ্যেষ্ঠজনলৈ এইখনৰ পৰা লাভবান হ’ব।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে । গতিকে…. ! এতিয়া এইখিনিয়েই ক’ব পাৰো যে নতুন কাম কিছু আহি আছে; নতুন কিছু সোঁৱাদ লৈ আহি আছো।”

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 3
"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 4


মিনাংক ডেকাৰ প্ৰতিটো প্ৰকল্পই সমাজলৈ ধনাত্মক বাৰ্তা কঢ়িয়াই অনাৰ সমান্তৰালকৈ ই সকলোকে উৎসাহিতও কৰি তুলিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা মিনাংক ডেকাৰ প্ৰচেষ্টা সমূহৰ বাবে তেওঁলৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.