Rupaliparda.com
সুবাসনা দত্তৰ নতুন গীতত নতুন যুঁটিঃ দীগাংগনা বৰা আৰু বিবেক বৰা "মৰম লাগি যায়" তঃ 1

সুবাসনা দত্তৰ নতুন গীতত নতুন যুঁটিঃ দীগাংগনা বৰা আৰু বিবেক বৰা “মৰম লাগি যায়” তঃ

সদায় একোখন পোষ্টাৰ শ্ৰোতা-দৰ্শকৰ মাজত আগবঢ়াই দিয়া সুবাসনা দত্তৰ নতুন গীত “মৰম লাগি যায়” অতিশীঘ্ৰে কাষ চাপিব আপোনালোকৰ। গীতটিক ভিডিঅ’ৰ সৈতে মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। এইখিনিতে, আপোনালোকক জনাই থওঁ যে সুবাসনা দত্তৰ আহিবলগীয়া এই গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব এক নতুন যুঁটি। “জানমণি” হৈ একাংশৰ হৃদয়ত খলকনি লগোৱা দীগাংগনা বৰক দেখিবলৈ পোৱা যাব সুবাসনাৰ এই নতুন গীতটিত; আনহাতে, তেওঁৰ সৈতে থাকিব অসমীয়া জনপ্ৰিয় অভিনেতা বিবেক বৰা। গীতটিক লৈ অনুৰাগী সকলো শেহতীয়াকৈ উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে। অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাৰ আহিবলগীয়া গীতটিৰ কথা আৰু সুৰ কুসুম কৈলাশ তথা লেখৰাজ নন্দৰ। লগতে, গীতটিত সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

সুবাসনা দত্তৰ নতুন গীতত নতুন যুঁটিঃ দীগাংগনা বৰা আৰু বিবেক বৰা "মৰম লাগি যায়" তঃ 2
সুবাসনা দত্তৰ নতুন গীতত নতুন যুঁটিঃ দীগাংগনা বৰা আৰু বিবেক বৰা "মৰম লাগি যায়" তঃ 3


চচিয়েল মিডিয়াত গীতটিক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰচাৰ কৰা সুবাসনাৰ “মৰম লাগি যায়” ক লৈ ইতিমধ্যে অনুৰাগীও অপেক্ষাৰত হৈ পৰিছে। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.