Rupaliparda.com
দেৱৰাজ বৰাৰ "ক'তেনো নিঁয়ৰ সৰে" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

দেৱৰাজ বৰাৰ “ক’তেনো নিঁয়ৰ সৰে” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ

কিছুমান এনে সংগীত আছে যিসমূহৰ বাবে আমি অপেক্ষা কৰি ৰওঁ। আচলতে, গীতসমূহৰ বৈশিষ্ট্যৰ বাবে আমি ইয়াক লৈ উৎসাহিত হৈ পৰো। ফাগুনতেই প্ৰেমৰ কেইবাটাও প্ৰেমৰ গীতে মুক্তি লাভ কৰিছে; ফাগুন মানেই প্ৰেম আৰু উন্মাদনাত আত্মহাৰা হৈ পৰা আমিবোৰে। আমি সকলোতে প্ৰেমৰ সন্ধান কৰো; এপাহ গোলাপ ফুলি থকা দেখিলেও আমি তাৰ প্ৰেমত পৰো। গতিকে, এই প্ৰেম প্ৰেম লগা অনুভূতিৰ মাজতেই যেতিয়া একোটা সুন্দৰ গীতৰ মুক্তিৰ খবৰ পাওঁ তেতিয়াই আমি উক্ত গীতটিৰ বাবে ৰৈ পৰো। তেজপুৰৰ নিবাসী এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী দেৱৰাজ বৰাৰ কন্ঠৰে মুক্তি পাবলগীয়া “ক’তেনো নিঁয়ৰ সৰে” ৰ বাবে অপেক্ষাৰত সকলো। কিছুদিন পূৰ্বে শ্বুটিং সম্পন্ন হোৱা এই গীতটিক ভিডিঅ’ সহ মুকলি কৰি দিয়া হ’ব ইউটিউবত। বিগত তিনিবছৰৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত দেৱৰাজৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে অভিনেত্ৰী উপাসনা প্ৰিয়মে। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰ কন্ঠশিল্পী দেৱৰাজৰ নিজৰেই; আনহাতে ইয়াত সংগীত কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী মৃন্ময় শৰ্মাই।

দেৱৰাজ বৰাৰ "ক'তেনো নিঁয়ৰ সৰে" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 2


আনহাতে, গীতটিত ভিডিঅ’ Alchemy Pixels ৰ। চলিত বৰ্ষৰ অৰ্থাৎ ২০২১ ৰ উপাসনা প্ৰিয়মৰ প্ৰথমটো ভিডিঅ’ গীতেই হৈছে “ক’তেনো নিঁয়ৰ সৰে”। ইতিমধ্যে চচিয়েল মিডিয়াত ভাইৰেল হৈছে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে উপাসনা আহিবলগীয়া এই গীতটিক লৈ আশাবাদী বুলি প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে “গীতটি ইতিমধ্যে মই শুনিছো। লগতে, ইয়াৰ ভিডিঅ’টোত অভিনীত মোৰ চৰিত্ৰটো অত্যন্ত ভাল লগা; সমান্তৰালকৈ এই গীতটি যোগেৰে দৰ্শকে মোৰ আৰু দেৱৰাজৰ যুঁটিটোকো আঁকোৱালি ল’ব বুলি মোৰ বিশ্বাস।” এটা নতুন যুঁটি আৰু কন্ঠশিল্পী দেৱৰাজৰ গীতসমূহ থকা নতুন সোঁৱাদৰ বাবে “ক’তেনো নিঁয়ৰ সৰে” ক লৈয়ো উৎকন্ঠিত কৰি তুলিছে শ্ৰোতা-দৰ্শকক।

দেৱৰাজ বৰাৰ "ক'তেনো নিঁয়ৰ সৰে" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 3


আহিবলগীয়া সময়ত গীতটি কেতিয়ালৈ মুক্তি লাভ কৰিব জানিবলৈ আপোনালোকে ৰূপালীপৰ্দা পেজটো লাইক কৰক। ইয়াৰ লগতে, ৰূপালীপৰ্দাৰ তৰফৰ পৰা “ক’তেনো নিঁয়ৰ সৰে” ক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform