Rupaliparda.com
"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 1

“NIRI9” ৰ আন প্ৰকল্প; কৌশিক নাথৰ “মৃত্যুদূত”-

ইখন সিখনকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ জোঁৱাৰ উঠিছে ৱেব চিৰিজৰ। ইতিমধ্যে কেইবাখনো ৱেব চিৰিজৰ আৰম্ভণিৰ খবৰে উৎসাহিতও কৰি তুলিছে প্ৰতিজন মনোৰঞ্জনপ্ৰেমী জনসাধাৰণক। “ILLEGAL” ৰ বহুল সফলতা তথা সফল সমাপ্তিৰ পিছত বৰ্তমান “NIRI9” ত মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন ৱেব চিৰিজ “মৃত্যুদূত”। এই ৱেব চিৰিজখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে কৌশিক নাথ। অভিনেতা ৰূপে চিনাকী এইগৰাকী পৰিচালকৰ “মৃত্যদূত” য়ে হৈছে প্ৰথম খন তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰকল্প। ইয়াৰ পূৰ্বে আন আন ছবিৰ সহঃপৰিচালকৰ দায়িত্ব ৰূপায়ন কৰিছে কৌশিক নাথে। ২০১৪-১৫ চনৰ পৰা পৰিচালনা ক্ষেত্ৰখনত নামি পৰা কৌশিক নাথে “মৃত্যুদূত” ক লৈ আশা প্ৰকাশ কৰিছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক “মৃত্যুদূত” ত এনে কি আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব বুলি সোধাত কৌশিক নাথে কয় যে, “মৃত্যুদূত” য়ে দৰ্শকক আকৰ্ষণ কৰা এটা প্ৰধান কাৰণ হৈছে এইখন এখন হ’ৰৰ ৱেব চিৰিজ; লগতে ইয়াত থ্ৰীল তথা চাচপেন্স আছে। গতিকে, দৰ্শকে ইয়াতে বিচৰা ধৰণৰ গোটেইখিনি মছলা পাব বুলি মই ভাবো।” দৰ্শকৰ পৰা পৰিচালক গৰাকীয়ে কেনে আশা কৰে বুলি সোধাত তেওঁ কয় যে,

"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 2
"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 3


“দৰ্শকৰ পৰা আমি আশা কৰা মতেই সঁহাৰি পাম বুলি ভাবিছো। যদিও ৱেব চিৰিজখন সীমিত বাজেটেৰে প্ৰস্তুত কৰা হৈছে তথাপিও ইয়াত সৰুতকৈ সৰু চৰিত্ৰ এটাৰ কাষ্টিংগ কৰা ক্ষেত্ৰতো আমি যথেষ্ট গুৰুত্ব দিছো। যেতিয়াই “মৃত্যুদূত” ৰ কাহিনী লিখিছিলো তেতিয়াই চৰিত্ৰ সমূহ মনলৈ আনিহে মই কাহিনীভাগ লিখিছিলো। আৰু, ইয়াত প্ৰতিটো চৰিত্ৰৰ বাবেই আমি অভিনয় জনা অভিনেতা-অভিনেত্ৰীক গ্ৰহণ কৰিছিলো। এই ৱেব চিৰিজখনৰ কাহিনীভাগে প্ৰথমৰ পৰা শেষলৈ একোজন দৰ্শকক ধৰি ৰাখিব বুলি মোৰ বিশ্বাস; ৰাইজে ৱেব চিৰিজখন উপভোগ কৰি নিৰাশ হৈ উভতিব লগীয়া নহয় বুলি সম্পূৰ্ণ বিশ্বাস আছে।” কেতিয়াবা ক’ৰবাত কাৰোবাৰ সাধাৰণ অমনোযোগিতাৰ বাবে জীৱনৰ দৰেই একোটা মূল্যৱান বস্তু নিঃশেষ হৈ যাব পাৰে; এই ৱেব চিৰিজখনৰ কাহিনীভাগো ঠিক এনে ধৰণে আৰম্ভ হয় আপোনালোকক লৈ যাব ৰহস্যৰ মাজলৈ। য’ৰ পৰা হয়টো আপুনি নিজেই ওলাই আহিবলগীয়া হ’ব পাৰে।

"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 4


ইয়াত অভিনয় কৰিছে প্ৰদ্যুৎ বিকাশ দাস, দ্বীপজ্যোতি মালী, অপূৰ্ব ঠাকুৰীয়া, দীপান্বিতা দাস, কৌশিক নাথ, স্বপন দাস, জিতেন দাস, বৰষা ধৰিত্ৰী দাস, চিকন দাস, মনোৰঞ্জন দাস,চিন্ময় ৰাজকুমাৰ আৰু ৰণ্টু ৰাজবংশীয়ে।ৱেব চিৰিজখনৰ সংলাপ কৌশিক নাথ আৰু দ্বীপজ্যোতি মালীৰ। আনহাতে, দৃশ্যগ্ৰহণ আৰু সম্পাদনা প্ৰাঞ্জল পি কে কলিতাৰ। সংগীত পৰিচালনা কুশল মিৰ্জাৰ। শব্দ জ্যোতি প্ৰকাশ ৰাভা আৰু প্ৰসাধন স্মৃতি আৰ দত্তৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform