Rupaliparda.com
দীপিকা পাডুকনৰ শেহতীয়া বিজ্ঞাপনত কনচেপ্ট চুৰিৰ আৰোপঃ 1

দীপিকা পাডুকনৰ শেহতীয়া বিজ্ঞাপনত কনচেপ্ট চুৰিৰ আৰোপঃ

বলীউডত প্ৰায়ে আপোনালোকে এখন পোষ্টাৰ, এখন ছবি কপি কৰাৰ কথা আপোনালোকে শুনিছে; এই কপি কৰা প্ৰসংগটোক লৈ চচিয়েল মিডিয়াতেই বিভিন্ন জনৰ মাজত মতভেদ হোৱা পৰিলক্ষিত হৈছিল কিন্তু এইবাৰ বলীউডৰ ওপৰত আৰোপ লগোৱা হৈছে এটা বিজ্ঞাপন কপি কৰাক লৈ। হয়, আপুনি ঠিকেই পঢ়িছে এইবাৰ এটি বিজ্ঞাপন কপিৰ আৰোপ লাগিছে বলীউডৰ ওপৰত। শেহতীয়াকৈ অভিনেত্ৰী দীপিকা পাডুকনৰ এটা বিজ্ঞাপনৰ মুক্তি দিয়া হৈছিল য’ত তেওঁক এটা জনপ্ৰিয় ব্ৰেণ্ডৰ জিন্সৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা দেখিবলৈ পোৱা গৈছিল। অভিনেত্ৰী গৰাকীৰ এই বিজ্ঞাপনটো মুক্তিৰ পিছৰে পৰা ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছিল চচিয়েল মিডিয়াত। কিন্তু, শেহতীয়াকৈ এই বিজ্ঞাপনটোৰ ওপৰত আৰোপ লগাইছে হলীউড ছবি “Yeh Ballet” ৰ পৰিচালক সোনী তাৰপোৰেৱালাই। বিজ্ঞাপনটোত বিষয়বস্তু চুৰিৰ আৰোপ লগোৱা হৈছে। পৰিচালক গৰাকীয়ে ব্ৰেণ্ডটোক নিজ পোষ্টত সাঙুৰি এটি দীঘলীয়া চচিয়েল মিডিয়া পোষ্ট যোগে নিজ খং ব্যক্ত কৰে।


তেওঁ কেইবাখনো ফটো শ্বেয়াৰ কৰি নিজ স্পষ্টীকৰণ দাঙি ধৰিবলৈ চেষ্টা কৰে। আহিবলগীয়া সময়ত দীপিকা পাডুকনক ভালকেইখন ছবিত দৰ্শকে দেখিবলৈ পাব। আহিবলগীয়া সময়ৰ এখন বহু প্ৰত্যাশিত ছবি হৈছে “ৰামায়ণ”; যিখন ছবিৰ বাজেট হ’ব ৩০০ কোটিতকৈও অধিক। শুনিবলৈ পোৱা মতে, “ৰামায়ণ” ত সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিব দীপিকা পাডুকনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.