Rupaliparda.com
আকৌ দীক্ষু শৰ্মা আৰু তেওঁৰ ন-গীত "অ ধুুন ধুনীয়া"- 1

আকৌ দীক্ষু শৰ্মা আৰু তেওঁৰ ন-গীত “অ ধুুন ধুনীয়া”-

দীক্ষু শৰ্মাৰ “দোলা” গীতটিৰ সফলতাৰ পিছত তেওঁ আন এটি নতুন গীতৰ মুক্তিৰ দিশে আগবাঢ়িছে। “অ ধুুন ধুনীয়া” শীৰ্ষক আন এটি গীতৰ শ্বুটিঙত ব্যস্ত থকা দীক্ষু শৰ্মাই কিছু দিন পূৰ্বৰে পৰা জনসাধাৰণক ইয়াৰ বিষয়ে জনাই আহিছে। অহা ৭ মাৰ্চ তাৰিখে মুকলি কৰি দিয়া হ”ব এই গীতটিক; প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। বিগত কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত কথা দিছিল তেওঁৰেই পত্নী বিজিয়েতাই। ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ “পাৰিজাত” লগতে “হৃদয় চেকুঁৰে” শীৰ্ষক দীক্ষুৰ গীত দুটিত কথা দিছিল বিজিয়েতাই। গীতটিত তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছিল নীলাক্ষী নেওঁগে। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিত জনসাধাৰণৰো বহুল সঁহাৰি পৰিলক্ষিত হৈছিল।

আকৌ দীক্ষু শৰ্মা আৰু তেওঁৰ ন-গীত "অ ধুুন ধুনীয়া"- 2


নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। ইতিমধ্যে মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত দীক্ষুৰ সৈতে অভিনয় কৰিছে পল্লৱী দত্তই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.