নৱপ্ৰজন্মৰ সৃষ্টি সমূহে জনসাধাৰণক ইমানেই উৎসাহিত কৰিছে যে এতিয়া তেওঁলোকৰ আন আন সৃষ্টি সমূহৰ বাবে আমি অপেক্ষা কৰি ৰ’বলৈও সংকোচ নকৰো। মুঠতে, নতুন আৰু ব্যতিক্ৰমী সোঁৱাদ এটা আমি প্ৰতিটো প্ৰকল্পতেই বিচাৰিবলৈ লৈছো। আমি বিগত বৰ্ষৰ ৰাসৰ আগছোৱাত এটি প্ৰকল্প “ব্ৰজনন্দন” ৰ বিষয়ে আপোনালোকক জনাইছিলো; প্ৰকল্পটোৱে শ্ৰোতা- দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰিবলৈও সক্ষম হৈছিল। যোৰহাটৰ প্ৰতিভাৱান যুৱক পল্লৱ চাংঘৰৰ বিষয়বস্তু আৰু পৰিচালনাৰে নিৰ্মিত এই প্ৰকল্পটোৰ পিছতেই তেওঁক লৈ জনসাধাৰণৰ ইচ্ছা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছিল। আনহাতে, Cultivators ৰ অৰূপ জ্যোতি বৰুৱাৰ এই সংগীত ক্ষেত্ৰখনত অৱদান সমূহৰ বিষয়ে আকৌ এবাৰ নতুনকৈ আপোনালোকক জনোৱাৰ হয়টো নিশ্চয় প্ৰয়োজন নাই। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।


এইখিনিতে, আপোনালোকৰ বাবে লৈ আনিছো এক সুখবৰ। অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টা তথা কন্ঠৰে আহিবলগীয়া সময়ত মুক্তি লাভ কৰিব এটি গীত “সোণাৰ বৰণ পাখি”। বাউল আৰু কামৰূপীয়া লোকসংগীতৰো কিছু সোঁৱাদ উক্ত গীতটিৰ যোগেৰেই শ্ৰোতা দৰ্শকক দিয়াৰ চেষ্টা কৰিব অৰূপ জ্যোতি বৰুৱাৰ লগতে পল্লৱ চাংঘৰ। ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত এবাৰ পল্লৱে নিজেও কৈছিল যে “লোকগীত বা পূৰণি যিসমূহ থলুৱা গীতৰ ধাৰা আছে এইবোৰ আমিয়ে ধৰি ৰাখিব লাগিব; আমি ইয়াৰ বিষয়ে উত্তৰপ্ৰজন্মক বুজাব লাগিব।” গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকীৰ প্ৰচেষ্টাই জনসাধাৰণক যে আকৰ্ষণত সক্ষম হ’ব সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। “সোণাৰ বৰণ পাখি” শীৰ্ষক এই গীতটিৰ কাম সমূহ চলি আছে ষ্টুডিঅ’ মেলডিত। আনহাতে, গীতটিত সংগীত আৰু শব্দ-সংমিশ্ৰণ ঋতুপৰ্ণ বৰাৰ, বাঁহী বজাইছে ৰক্তিমে লগতে কী-বোৰ্ড চন্দনৰ।

অতিশীঘ্ৰে এই গীতটিৰ বাবে মুক্তিৰ বাবে সাজু হৈছে দুয়োগৰাকী কন্ঠশিল্পী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলোক প্ৰত্যেককে জনাইছো শুভকামনা।
Add comment