Rupaliparda.com
"শ্ৰোতা-দৰ্শক অবিহনে শিল্পীৰ কিবা সত্বা আছে বুলি মোৰ মনে নকয়।"- প্ৰশান্ত দাস 1

“শ্ৰোতা-দৰ্শক অবিহনে শিল্পীৰ কিবা সত্বা আছে বুলি মোৰ মনে নকয়।”- প্ৰশান্ত দাস

একোটা গীতত আমি প্ৰায় মন দিওঁ গীতটোত কোনে কন্ঠদান কৰিছে! কোনো জনপ্ৰিয় কন্ঠশিল্পীৰ কন্ঠৰে যদিহে গীতটি মুক্তি লাভ কৰে তেন্তে আমি সহজতে ভাবি লওঁ গীতটোৰ সফলতা গোটেইখিনি কন্ঠশিল্পী গৰাকীৰ। কিন্তু, আচলতে কোনো এটা গীতত কন্ঠশিল্পী গৰাকীৰ সমান্তৰালকৈ কষ্ট লুকাই থাকে গীতৰ আঁৰৰ ব্যক্তিসকলৰো। একোটা গীতৰ কথাই যদি শ্ৰোতা-দৰ্শকৰ মন চুব নোৱাৰে তেন্তে সেই গীতটি কোনোপধ্যেই উপভোগ্য নহয়। এটা গীতৰ কথা যিমানেই সুন্দৰ হ’ব; সিমানেই ই শ্ৰোতাৰ কাষ চাপিবলৈ সক্ষম হ’ব। আনহাতে কোৱা বাহুল্য যে, সাম্প্ৰতিক সময়ত কেৱল মাত্ৰ ডাক্তৰ, ইঞ্জিনিয়াৰৰ প্ৰবৃত্তি বাছি নলয়; নৱ প্ৰজন্মৰ বহু যুৱক-যুৱতী এগৰাকী লেখক, কবি তথা সাংস্কৃতিৰ জগতখনৰ প্ৰতিও আকৰ্ষিত হয়। শেহতীয়াকৈ মুক্তিলাভ কৰা “হোলী গীত” ৰ লগতে আন একাংশ গীতৰ কথাৰ দায়িত্বত থকা প্ৰশান্ত দাস নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান লিখক; তেওঁৰ কথাৰে মুক্তিপ্ৰাপ্ত বহুকেইটা গীতে ইতিমধ্যে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এক্সক্লুচিভলি ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী নৱপ্ৰজন্মৰ যুৱকৰ সৈতে পাতিছিলো কিছু কথা বতৰা।

"শ্ৰোতা-দৰ্শক অবিহনে শিল্পীৰ কিবা সত্বা আছে বুলি মোৰ মনে নকয়।"- প্ৰশান্ত দাস 2


সংগীত ক্ষেত্ৰখনত তেওঁৰ আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা সময় বুলি ক’বলৈ গ’লে সেয়া হ’ব ২০১৭ চন । যদিও সংগীত ক্ষেত্ৰখনৰ সৈতে কিছু আগৰে পৰাই জড়িত আছিলো তথাপিও মই লিখা তথা সুৰ দিয়া প্ৰথমটো গান ২০১৭ চনতহে মুকলি হৈছিল; গতিকে তাৰ পিছৰ পৰা মই এই ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলো।” প্ৰত্যেকগৰাকী নৱপ্ৰজন্মক কৰা ৰূপালীপৰ্দাৰ প্ৰশ্ন; এগৰাকী শিল্পীৰ সংজ্ঞাৰ বিষয়ে সোধাত প্ৰশান্ত দাসে নিজ মনৰ ভাৱ ব্যক্ত কৰি কয় যে, “শিল্প সাধনা কৰা প্ৰতিগৰাকী ব্যক্তিত্বই একোজন শিল্পী, সাময়িক ঢৌত উটি গৈ নিজৰ সত্বাক বিকৃত কৰাৰ সলনি নিজা সৃষ্টিৰাজিৰে ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা প্ৰতিজন শিল্প সাধকেই মোৰ মতে একোগৰাকী শিল্পী।” কেনেধৰণৰ প্ৰকল্পই যুৱকগৰাকীক আকৰ্ষণ কৰে অথবা কেনেধৰণৰ প্ৰকল্পৰ সৈতে তেওঁ জড়িত হৈ ভালপায় বুলি ৰূপালীপৰ্দাই সোধাত তেওঁ কয় যে, “এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ অকণমান টান হয়। আমি গান লিখো, সুৰ কৰো শ্রোতা বা দৰ্শকৰ বাবেই। নিজক সংযোজিত কৰি ৰাখি শ্রোতাৰ মন চুই যাব পৰা কাম কৰি ভাল পাওঁ। শ্ৰোতা-দৰ্শক অবিহনে শিল্পীৰ কিবা সত্বা আছে বুলি মোৰ মনে নকয়।”

"শ্ৰোতা-দৰ্শক অবিহনে শিল্পীৰ কিবা সত্বা আছে বুলি মোৰ মনে নকয়।"- প্ৰশান্ত দাস 3


আহিবলগীয়া সময়ত আনকেইবাটাও প্ৰকল্পৰ সৈতে ৰাইজৰ কাষ চাপিবলৈ ইতিমধ্যে সাজু হৈছে এই যুৱকগৰাকী। তেওঁৰ প্ৰতিটো সৃষ্টিৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform