Rupaliparda.com
খননৰ পিছত অফিচলৈ কংগনা ৰাণাওঁট! তেওঁ হৃদয় ভাঙিল আকৌ এবাৰঃ 1

খননৰ পিছত অফিচলৈ কংগনা ৰাণাওঁট! তেওঁ হৃদয় ভাঙিল আকৌ এবাৰঃ

কংগনা ৰাণাওঁটক প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। তেওঁ বহু এনে প্ৰসংগত মাত মাতে যিটো হয়টো তেওঁৰ ফালেৰে গতি নকৰে যদিও বিষয়সূহত মাত মাতি সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখলত সক্ষম হৈ পৰে অভিনেত্ৰী গৰাকী। কংগনা ৰাণাওঁটে শেহতীয়াকৈ বিগত বহু দিনৰ অন্তত নিজ অফিচলৈ এক গুৰুত্বপূৰ্ণ মিটিঙৰ বাবে গৈছিল; কিন্তু অফিচলৈ গৈয়ে অভিনেত্ৰী গৰাকী শোকত ভাঙি পৰিছিল। অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়া যোগে নিজ অফিচৰ ফটোসমূহ শ্বেয়াৰ কৰাৰ লগতে নিজ দুখো ব্যক্ত কৰে। বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত বি এম চিয়ে অবৈধ নিৰ্মাণৰ আৰোপ লগাই অভিনেত্ৰী গৰাকীৰ অফিচত খনন কাৰ্য চলাইছিল। অৱশ্যে আদালতত চলা এই কেছটোত জয়ী হৈছে অভিনেত্ৰী কংগনা ৰাণাওঁট। কংগনাৰ অফিচ মুম্বাইস্থিত পালি হিলচত অৱস্থিত; অফিচত উপস্থিত হৈ অভিনেত্ৰী গৰাকীয়ে কয় যে, “মই নিজ বাসগৃহতেই মিটিং বোৰ কৰি আছো। আজি অক্ষয় ৰাণাওঁটে ( কংগনাৰ ভাতৃ) যোৰ দিয়াত মই এখন মিটিং কৰিবলৈ অফিচ গুচি গৈছিলো। মই প্ৰস্তুত নাছিলো আৰু মোৰ হৃদয় খন আকৌ এবাৰ ভাঙি পৰিল।”

খননৰ পিছত অফিচলৈ কংগনা ৰাণাওঁট! তেওঁ হৃদয় ভাঙিল আকৌ এবাৰঃ 2


কংগনাই নিজ টুইটৰ দ্বাৰা এয়াও কয় যে, “অক্ষতে কংগনাৰ সৈতে লগ হৈ মণিকৰ্ণিকা ফিল্মচৰ দায়িত্ব বহন কৰাৰ সমান্তৰালকৈ তেওঁ অকলশৰীয়াকৈ প্ৰায় ৭০০ ৰো অধিক বিষয় চম্ভালি ৰাখিছে।” কংগনাৰ টুইটত শেহতীয়াকৈ বহু ব্যক্তিৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.